বিটিচি নিৰ্বাচন উপলক্ষে তামুলপুৰ জিলাৰ তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল চৌহদত জিলাখনৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ জ’নেল আৰু ছেক্টৰ (আৰক্ষী আৰু চিভিল) বিষয়াসকলৰ এখন সভা জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াগৰাকীৰ আহ্বানমৰ্মে অসমৰ জনতাৰ হিয়াৰ আমঠু, মৰমৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগু তথা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ ৫টা জ’নৰ জ’নেল বিষয়া আৰু ৩২টা ছেক্টৰৰ ছেক্টৰ বিষয়াসকল উপস্থিত থাকে। বিষয়াসকলে পৰস্পৰৰ মাজত চিনাকি হৈ ফোন নম্বৰসমূহ আদান-প্ৰদান কৰে। নিৰ্বাচন সম্পৰ্কীয় কৰণীয় সকলো কথা জিলা নিৰ্বাচনী বিষয়া, নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে পুংখানুপুংখভাৱে বুজাই দিয়ে। বিষয়াসকলক কাইলৈ পুৱা ৫.৩০ বজাতে তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে। ২২ ছেপ্টেম্বৰৰ পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কৰি আবেলি ৪ বজাত ভোটগ্ৰহণ সমাপ্ত হ’ব। উল্লেখ্য যে এইবাৰ তামুলপুৰত “সেউজ নিৰ্বাচন” থীম হিচাপে লৈ পৰিৱেশ-অনুকূল নিৰ্বাচনত গুৰুত্ব দিয়া হৈছে। তাৰ লগত সংগতি ৰাখি ভোটগ্ৰহণৰ দিনা পুৱা ৭ বজাৰ আগতে ভোটগ্ৰহণকাৰী দলক ভোটগ্ৰহণ কেন্দ্ৰত বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত কৰিবলৈ জিলা নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী পৰ্যৱেক্ষকে সকলোকে আহ্বান জনাইছে। পুলিসমূহৰ প্ৰতিপালনৰ দায়িত্বও জিলা প্ৰশাসনে ল’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য