ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ কেডেট আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা এইবেলি ভূগোল বিজ্ঞান বিষয়ত মেজৰসহ সুখ্যাতিৰে স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা ছাত্ৰ নেপো মৈৰাংথেম ছাৰ্ভিছ ছিলেকচন বৰ্ডৰ দ্বাৰা আয়োজিত পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় বায়ু সেনাৰ সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈছে । তেওঁ এই পদৰ বাবে নিৰ্বাচিত হোৱা বাবে এন চি চি ইউনিটৰ সকলোৱে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে । আনকি ২২ ছেপ্টেম্বৰত ইউনিটৰ কমাণ্ডিং অফিচাৰ গ্রুপ কেপ্তেইন ৰবীন বিষ্ণৱে নেপোক ইউনিটলৈ বিৰল গৌৰৱ কঢ়িয়াই অনা বাবে সম্বৰ্ধনা জনায় । উল্লেখযোগ্য যে বৰ্তমান গুৱাহাটীৰ উজানবজাৰ নিবাসী নেপোৰ প্ৰকৃত ঘৰ হল মণিপুৰৰ পূব ইম্ফল জিলাৰ এখন ভিতৰুৱা অঞ্চলত । মণিপুৰ সৈনিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ২০১৮ চনত কটন বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰাৰ সমান্তৰালভাৱে ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটত কেডেট হিচাপে নাম ভৰ্ত্তি কৰে । ইয়াৰ মাজতে তেওঁ সৰ্বভাৰতীয় বায়ু সৈনিক শিবিৰত উত্তৰ পূব মণ্ডলক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ এৰোমডেলাৰৰ সন্মান আৰু বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ উদ্যোগত এ এল জিত আয়োজিত এয়াৰ ফেষ্টিফেলত এৰো মডেলিঙত ভাগ লৈ ইউনিটলৈ গৌৰৱ কঢ়িয়াই আনিছিল । মণিপুৰৰ এখন চৰকাৰী চিকিৎসালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এম নৰিন্দৰ সিং আৰু এম ইন্দুবালা সিঙৰ পুত্ৰ নেপোৱে অহা বছৰৰ আৰম্ভণিতে তেলেংগানাৰ দণ্ডিয়ালত থকা ভাৰতীয় বায়ু সেনাৰ একাডেমীত ফ্লায়িং অফিচাৰ হিচাপে উৰণ প্ৰশিক্ষণ পাঠ্যক্ৰমত ভাগ লব । আনহাতে এন চি চিৰ কেডেট হিচাপে তেওঁ সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈ বাহিনীটোলৈ গৌৰৱ কঢ়িয়াই অনা বাবে এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে নেপোক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls