গুৱাহাটীৰ দুটা নিচামুক্তি কেন্দ্ৰ আকস্মিক পৰিদৰ্শন সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 200

অসম চৰকাৰৰ ন্যায় আৰু সৱলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ দুটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে ।প্ৰথমতে মন্ত্ৰী হাজৰীকাই ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাই, সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু আন বিভাগীয় বিষয়াক লগত লৈ হেঙেৰাবাৰীস্থিত হ’প ফাউণ্ডেচ্যন নামৰ নিচামুক্তি কেন্দ্ৰত উপস্থিত হয় আৰু কেন্দ্ৰটোৰ সামগ্ৰিক পৰিৱেশৰ বুজ লয়।কেন্দ্ৰটোত আবাসীসকলৰ বাবে স্বাস্থ্য, চিকিৎসা, বাথৰুম আদি ন্যুনতম সুবিধাসমূহ দেখা নাপাই মন্ত্ৰীগৰাকীয়ে তৎকালীনভাৱে বলৱৎ হোৱাকৈ এই কেন্দ্ৰটো বন্ধ কৰাৰ বাবে বিভাগীয় বিষয়াক নিৰ্দেশনা প্ৰদান কৰে।এই কেন্দ্ৰটোত থকা চাৰিগৰাকী আৱাসীক শীঘ্ৰে আন নিচামুক্তি কেন্দ্ৰলৈ স্থানান্তৰিত কৰিবলৈও মন্ত্ৰী হাজৰীকাই নিৰ্দেশ দিয়ে। পাছত লালমাটিস্থিত ৰানী নিচামুক্তি কেন্দ্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ আৱাসীসকলৰ বাবে থকা সুবিধাসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে আৱাসীসকলৰ সৈতেও মত বিনিময় কৰে ।কেন্দ্ৰটোত বিগত তিনি মাহ ধৰি চিকিৎসক নাই বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক তিনি দিনৰ ভিতৰত চিকিৎসক নিয়োগ কৰাৰ ব্যৱস্থা কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে।আগন্তুক সাত দিনৰ ভিতৰত বিভাগীয় বিষয়াই পুনৰ এই কেন্দ্ৰটো পৰিদৰ্শন কৰি চিকিৎসক নিয়োগ কৰাৰ বিষয়টো পৰ্যবেক্ষণ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই তাৰ পূৰ্ৱে সকলো উপযুক্ত ব্যৱস্থা কৰিবলৈ কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক নিৰ্দেশ দিয়ে।তিনি দিনৰ ভিতৰত চিকিৎসক নিযুক্তিৰ ব্যৱস্থা নকৰিলে এই কেন্দ্ৰটো বন্ধ কৰি দিয়া হ’ব বুলি সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

আজিৰ এই আকস্মিক পৰিদৰ্শনৰ অন্তত উপস্থিত সাংবাদিকসকলক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ৰাজ্যখনৰ সকলো নিচামুক্তি কেন্দ্ৰই আবাসীৰ সুবিধাৰ প্ৰতি লক্ষ ৰাখি প্ৰয়োজনীয় ব্যৱস্থাসমূহ হাতত লবই লাগিব।বিশেষকৈ স্বাস্থ্য, চিকিৎসা, উপযুক্ত কোঠা, খাদ্য আদিৰ সুব্যৱস্থা কৰি চৰকাৰীভাৱে থকা নীতি নিৰ্দেশনা মানি চলিবলৈ কেন্দ্ৰসমূহে ব্যৱস্থা ল’ব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নিচামুক্তি কেন্দ্ৰসমূহে স্বাস্থ্য বিভাগৰ অধীনত ক্লিনিকেল প্ৰমাণপত্ৰৰ বাবে পঞ্জীয়ন কৰাৰ সমান্তৰালভাৱে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ পঞ্জীয়ন কৰাটোও বাধ্যতামূলক হ’ব। আনহাতে বিগত প্ৰায় ১০ মাহ সময়ত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহৰ অৱস্থা যথেষ্ট ভাল হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে বুধবাৰে জনতা ভৱনত মন্ত্ৰীগৰাকীয়ে নিচামুক্তি কেন্দ্ৰসমূহৰ বিষয়ে এখন বিভাগীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছিল।চৰকাৰীভাৱে গৃহ আৰু স্বাস্থ্য বিভাগৰ সহযোগত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত নিচামুক্তি কেন্দ্ৰসমূহ চলাবৰ বাবে প্ৰস্তুত হৈ থকা নীতি-নিৰ্দেশনাক চুড়ান্ত ৰূপ দিবৰ বাবে অহা ২৯ জুলাইত তিনিওটা বিভাগৰ জ্যেষ্ঠ সচিবসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে এখন বৈঠকত মিলিত হ’ব।

Leave A Reply

Your email address will not be published.