গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত ভাৰতীয় নৃত্য উৎসৱ উপলক্ষ্যে প্ৰজেক্সেল (projexel) ফাউণ্ডেশ্যনৰ সৌজন্যত হেলপিং হেণ্ডচ চোচিয়েল ফাউণ্ডেশ্যনৰ সহযোগত কালি সন্ধিয়া এক বিচিত্ৰ অনুষ্ঠানৰ লগতে ভিন ভিন ক্ষেত্ৰৰ ১৩ ( তেৰ) জন বিশিষ্ট লোকলৈ জীৱনযোৰা সাধনা সন্মান প্ৰদান কৰে । সন্ধিয়া ৬:৩০ বজাত প্ৰদীপ প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বয়োজ্যেষ্ঠ সমাজকৰ্মী কামদেৱ শৰ্মা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক, লেখক দীপক শৰ্মা আৰু সমাজসেৱী গীতা দেৱানে।প্ৰজেক্সেল ফাউণ্ডেশ্যনৰ সঞ্চালক ড০ ববিতা সিনহাই আদৰণি ভাষণ জনোৱা বৰ্ণিল অনুষ্ঠানটোত বাংলাদেশৰ নৃত্যশিল্পী কামান্না ৰেহমান,সাহিত্যিক পেন্সনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ,শিলচৰৰ বিশিষ্টা লেখিকা, অনুবাদিকা মঞ্জু সিনহা, অসমৰ প্ৰথমগৰাকী অসমীয়া গহণাৰ স্ৰষ্টা ৱাহেদা ৰহমান, বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সমৰজিৎ সিনহা, আশুতোষ সিনহা, পূৰ্ণ মাঝি সিনহাই মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে অংশ লৈ ভাৰতীয় সমাজ জীৱনত নৃত্যৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰাসংগিকতা সাৱলীল ভাৱে উপস্থাপন কৰে । সাধনা সিনহা আৰু মঞ্জুৰী শৰ্মাই আঁত ধৰা অনুষ্ঠানত গুৰু সত্যজিৎ সিনহাৰ পবিত্ৰ সোঁৱৰণত মৰোণোত্তৰভাৱে গুৰু হৰিচৰণ সিনহা ( শ্বিলং, মেঘালয়), মৰণোত্তৰভাৱে নৃত্যগুৰু লক্ষণ সিনহা (পাথাৰকান্দি, শিলচৰ), জয়া দুৱৰা শইকীয়া (অসমৰ প্ৰথমগৰাকী বিহুকুঁৱৰী, গুৱাহাটী), বন্দনা দত্ত (বৰগীতৰ শিল্পী, অসম ডাউন টাউন বিশ্ববিদ্যালয়, পানীখাইটি, গুৱাহাটী), বিপুল দাস (কথক নৃত্যশিল্পী, গুৱাহাটী), ইন্দিৰা নন্দি (প্ৰসিদ্ধ শিল্পী, ধুবুৰী), সুনীল কুমাৰ সিনহা (গুৱাহাটী), ড০ স্বপন কুমাৰ সিনহা (শিলচৰ), অমল গুপ্তা (সাংবাদিক, গুৱাহাটী), মৰণোত্তৰভাৱে হিমু সিনহা (বোলছৱিৰ কৰিঅগ্ৰাফাৰ, মুম্বাই, কু়ঞ্জলাল সিনহা (পাথাৰকান্দি),এলভিছ আলি হাজৰিকা (খেলুৱৈ) আৰু হেমন্ত কুমাৰ (অধ্যাপক, বিশ্বভাৰতী, কোলকাতা)ক জীৱনযোৰা সাধনা” সন্মান প্ৰদান কৰে । অনুষ্ঠানত সত্ৰীয়া নৃত্য, দেউধনী নৃত্য, মণিপুৰী নৃত্য, খোলবাদন, ভোৰতাল আদি বিভিন্ন নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি প্ৰাণবন্ত কৰি তোলে।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta