গুৱাহাটী প্রেছ ক্লাবত ভেকচিন শিবিৰ

0 166

অহা ২২–২৩ আগষ্টত গুৱাহাটী প্রেছ ক্লাবত দুদিনীয়া কার্যসূচীৰে ক’ভিড ভেকচিন ক’ভিছিল্ডৰ দ্বিতীয় পালি প্রতিষেধক শিবিৰৰ আয়োজন কৰা হৈছে৷ গুৱাহাটী প্রেছ ক্লাবত প্রথম পালি প্রতিষেধক গ্রহণ কৰা সদস্যসকলে ল’ব পাৰিব দ্বিতীয় পালি প্রতিষেধক৷মাত্র দুদিনীয়াকৈ আয়োজিত হ’বলগীয়া প্রতিষেধক শিবিৰত পূর্বে কোনো পঞ্জীয়নৰ ব্যৱস্থা কৰা নহ’ব৷ প্রতিষেধক ল’বলৈ অহা সতীর্থসকলে নির্ধাৰিত দিনটোত পুৱা ১০.৩০ বজাৰ পূর্বে নিজৰ নাম গুৱাহাটী প্রেছ ক্লাব চৌহদত পঞ্জীয়ন কৰিব লাগিব৷

Leave A Reply

Your email address will not be published.