গুৱাহাটী প্ৰেছ ক্লাৱত সান্তনা দাস বৰ্মন আৰু ৰিংকুমণি দাসৰ দুখন গ্ৰন্থ উন্মোচন

0 139

গুৱাহাটী প্ৰেছ ক্লাৱত সান্ত্বনা দাস বৰ্মনৰ প্ৰবন্ধ সংকলন জীৱনান্বেষণ আৰু ৰিংকুমণি দাসৰ আত্মজীৱনীমূলক এ কেনভাচ্‌ অৱ মেম’ৰি শীৰ্ষক গ্ৰন্থ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ক্ৰমে পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী,গৱেষক ড° মিনেশ্বৰ হাজৰিকা আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপক,বিশিষ্ট সাহিত্যিক ড° জয়ন্ত মাধৱ বৰাই।জীৱনান্বষণ গ্ৰন্থখন উন্মোচন কৰি ড° হাজৰিকাই সমাজত নাৰী-পুৰুষৰ সম অধিকাৰৰ বিষয়ত গুৰুত্ব দি বহুমূলীয়া ভাষণ প্ৰদান কৰে।

য’ত সাহিত্য নাই তাত মানৱতা নাই-এ কেন্‌ভাচ অৱ মেম’ৰি” গ্ৰন্থৰ উন্মোচনী ভাষণত ড° জয়ন্ত মাধৱ বৰাই এইদৰে কয় । বৰ্ণাধ্য কাৰ্যসূচীৰে “ডিভাইন হেণ্ড অৰ্গেনাইজেচনে আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত বন্তি প্ৰজ্বলন কৰে অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱাই।ড° সুদৰ্শনা বৰুৱাৰ সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাত ভাষণ প্ৰদান কৰে ক্ৰমে ড° লীলাধৰ হাজৰিকা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জগদীশ পাটগিৰিয়ে ।ভাগ্যশ্ৰী বৰঠাকুৰৰ সুমধুৰ সংগীত আৰু উপম শইকীয়াৰ সাৱলীল কবিতা আবৃত্তিয়ে উপস্থিত সকলোকে আপ্লুত কৰে। ডিভাইন্‌ হেণ্ড অৰ্গেনাইজেচনৰ সভাপতি প্ৰদীপ কুমাৰ ভট্টাচাৰ্যই সভাপতিত্ব কৰা সভাখনৰ শলাগৰ শৰাই আগবঢ়ায় সম্পাদক মোহন দত্তই।অসম সংগীতেৰে গ্ৰন্থ উন্মোচনী সভাৰ সফল সামৰণি পৰে।

Leave A Reply

Your email address will not be published.