গুৱাহাটী মহানগৰীক সেউজকৰণৰ লক্ষ্যৰে পূৱ কামৰূপ বন সংমণ্ডল কাৰ্যালয়ে গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশহিচাপে আজি ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দুৰ্গা মন্দিৰ চৌহদত পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ উদ্যোগত বন মহোৎসৱৰ লগত সংগতি ৰাখি এক গছপুলি ৰোপনৰ কাৰ্যসূচী অনুষ্ঠিত হয় । গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুৰাণী বৰ্মনে । কাৰ্যসূচীত পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় মনোজ কুমাৰ গোস্বামী আৰু নিৰঞ্জন কান্তি নন্দী , পশ্চিম গুৱাহাটী দুৰ্গা মন্দিৰ ন্যাসৰ সম্পাদক দীপক দাস , যুটীয়া সম্পাদক প্রিয়ম মেডিয়াকে ধৰি কেবাজনো বিশিষ্ট লোক , গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা , গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ আটাইকেজন খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বিষয়া আৰু ভালে কেইজন বনকর্মী উপস্থিত থাকে । আনহাতে এই উপলক্ষে বনাঞ্চলিক বিষয়া পংকজ বৰাই আঁত ধৰা চমু অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুৰাণী বৰ্মনে ভাৰসাম্য ৰক্ষাত গছ গছনিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি বিদ্যালয়ৰ খেলপথাৰত গছপুলি ৰোপন কৰাৰ বাবে গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ শলাগ লয় । আনহাতে বন বিষয়া আৰু বনকর্মী সকলে জামু , মধুৰী , অৰ্জুন , আমলখিকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ প্ৰায় ১০০ টা গছপুলি ৰোপন কৰে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন