গুৱাহাটী মহানগৰীক সেউজকৰণৰ লক্ষ্যৰে পূৱ কামৰূপ বন সংমণ্ডল কাৰ্যালয়ে গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশহিচাপে আজি ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দুৰ্গা মন্দিৰ চৌহদত পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ উদ্যোগত বন মহোৎসৱৰ লগত সংগতি ৰাখি এক গছপুলি ৰোপনৰ কাৰ্যসূচী অনুষ্ঠিত হয় । গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুৰাণী বৰ্মনে । কাৰ্যসূচীত পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় মনোজ কুমাৰ গোস্বামী আৰু নিৰঞ্জন কান্তি নন্দী , পশ্চিম গুৱাহাটী দুৰ্গা মন্দিৰ ন্যাসৰ সম্পাদক দীপক দাস , যুটীয়া সম্পাদক প্রিয়ম মেডিয়াকে ধৰি কেবাজনো বিশিষ্ট লোক , গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা , গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ আটাইকেজন খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বিষয়া আৰু ভালে কেইজন বনকর্মী উপস্থিত থাকে । আনহাতে এই উপলক্ষে বনাঞ্চলিক বিষয়া পংকজ বৰাই আঁত ধৰা চমু অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুৰাণী বৰ্মনে ভাৰসাম্য ৰক্ষাত গছ গছনিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি বিদ্যালয়ৰ খেলপথাৰত গছপুলি ৰোপন কৰাৰ বাবে গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ শলাগ লয় । আনহাতে বন বিষয়া আৰু বনকর্মী সকলে জামু , মধুৰী , অৰ্জুন , আমলখিকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ প্ৰায় ১০০ টা গছপুলি ৰোপন কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram