গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱা গোট আৰু কোষৰ দ্বাৰা ৰাষ্ট্ৰীয় ক্রিয়া দিৱস উদযাপন

0 222

শৰীৰ আৰু মনক সুস্থ সবল কৰি ৰাখিবলৈ শিক্ষাৰ সমান্তৰালকৈ ক্রীড়াও অতিকৈ প্রয়োজনীয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱা গোটৰ দ্বাৰা ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে ২৯-৩১ আগস্টত বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হয়।কাৰ্য্যসূচী বিষয়া ৰিতুপৰ্ণ বৰা দেৱৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এই প্রতিযোগিতাখনিত
জেভলিন, ১০০ মি: দৌৰ,টেকেলি ভঙা,বেডমিণ্টন আদি বিভিন্ন ধৰণৰ লঘু ক্রীড়া আৰু বহি: ক্ৰীড়া প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকি কাৰ্য্যসূচী সমন্বয়ক ড° ৰঞ্জন কুমাৰ কাকতি দেৱে ছাত্র-ছাত্ৰীসকলক অনুষ্ঠানটো সুন্দৰকৈ চলাই নিয়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। লগতে আগন্তুক দিনত ক্রীড়াৰ জগতখনত আৰু অধিক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.