দেশজুৰি এতিয়া ক’ভিড মহামাৰীৰ আতংক । চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি । কিন্তু তাৰ মাজতো প্রকৃতিয়ে স্বমহিমাৰে নিজৰ ৰূপ ধাৰণ কৰিছে । আনকি লকডাউন সদৃশ পৰিস্থিতিৰ বাবে মানুহ নামধাৰী প্ৰাণীবিধৰ বাহিৰে বাকী সকলো কুশলে আছে । বৰঞ্চ আন আন জীৱকুল আৰু উদ্ভিদকুলক লকডাউন সদৃশ পৰিস্থিতিয়ে সহায়হে কৰিছে। যান বাহনৰ চলাচল বহুখিনী কমি যোৱাত কাৰ্বনডাই অক্সাইদৰ নিৰ্গমনো কমি গৈছে । ফলত সকাহ পাইছে প্ৰকৃতিয়ে আৰু ইয়াৰ ফলত বিগত দিনকেইটাত মাজে সময়ে হৈ থকা বৰষুণৰ বাবে চাৰিওফালে ফলে – ফুলে জাতিষ্কাৰ হৈ পৰিছে । ইফালে কৃষ্ণচূড়াৰ দেশ হিচাপে পৰিচিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত যেন এতিয়া প্ৰকৃতিয়ে সৌন্দৰ্যৰ পোহাৰ মেলিছে । চৌহদত লহপহকৈ ফুলি উঠিছে এজাৰ , কৃষ্ণচূড়া , ৰাধাচুড়া , সোণাৰুকে ধৰি নানা তৰহৰ ৰঙীন ফুল । ৰঙীন প্ৰকৃতিয়ে হাত বাউল দি মাতিছে প্রকৃতিপ্ৰেমীক । কিন্তু উপভোগ কৰোতাহে কোনো নাই । কিয়নো ক’ভিড মহামাৰীৰ বাবে আন আন শিক্ষানুষ্ঠানৰ দৰে বিগত প্ৰায় ডেৰমাহ ধৰি বন্ধ হৈ আছেগুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান । চৌহদত এতিয়া নিমাওমাও পৰিবেশ আৰু তাৰ মাজতে চাৰিওফালে কেৱল প্ৰকৃতিৰ সৌন্দৰ্যৰ মেলা । চৌহদৰ মাজেৰে যোৱা জালুকবাৰীৰ সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ পৰা সাতমাইললৈকে প্ৰায় দুই কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োফালে ফুলি আছে এজাৰ , কৃষ্ণচূড়া , ৰাধাচূড়া , সোণাৰুকে ধৰি চিনাকী – অচিনাকী নানা তৰহৰ ফুল । বিগত বৰ্ষতো এই সময়চোৱাত দেশজুৰি চলি থকা সম্পূৰ্ণ লকডাউনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় বন্ধ হৈ আছিল । ইফালে ফলে ফুলে জাতিষ্কাৰ হৈ অপৰূপ সৌন্দৰ্যৰ পোহাৰ মেলি এক নয়নাভিৰাম দৃশ্যৰ সৃষ্টি কৰা আৰু বন্ধ হৈ থকা বিশ্ববিদ্যালয়খনত অৱশ্যে যিসকল লোক শিক্ষাকতা বা চাকৰি কৰাৰ সূত্ৰে চৌহদৰ আবাসী হৈ আছে তেওঁলোক ভাগ্যবান বুলি বিবেচিত হৈছে । কিয়নো তেওঁলোকেহে বিনাদ্বিধাই মুক্ত মনে প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্য উপভোগ বা ৰূপসুধা পান কৰিবলৈ সক্ষম হৈছে । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ তৰণী ডেকা আৰু তেওঁৰ সহধৰ্মিনী তথা শিক্ষাসেৱী আৰু গড়লৰ ৱাণ্ডাৰ কিডছ নামৰ শিশু শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অজন্তা শৰ্মা ডেকাই এই সন্দৰ্ভত কয় – ক’ভিডসৃষ্ট এই হতাশাগ্ৰস্ত পৰিবেশৰ মাজতে প্ৰকৃতিয়ে এতিয়া জুৰিছে হেঁপাহৰ গান ,সলনি কৰিছে একাংশ মানুহৰ কৃত্ৰিমতা , নতুন চিন্তা – সৃষ্টিৰ এনাজৰী বান্ধি সকলোকে মাতিছে হাতবাউলি সেউজীয়াৰ দেশলৈ । উল্লেখযোগ্য যে অজন্তা শৰ্মা ডেকা আৰু তেওঁৰ দশম শ্ৰেণীত পঢ়ি থকা জীয়ৰী প্ৰিন্সিৰ সৈতে নয়নাভিৰাম সৌন্দৰ্যৰ মাজতে ১৫ দিনৰো অধিক দিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অনাই বনাই ঘূৰি ফুৰা কুকুৰ – মেকুৰী সমূহক ভাত , বিস্কুটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি মহানুভবতাৰ পৰিচয় দিছে ।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ