গ্ৰীষ্মকালীন শিবিৰত গ্ৰহণ কৰিবলগীয়া পঠন কাৰ্যসূচী সম্পৰ্কত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ বিদ্যালয়ৰ প্ৰধানলৈ পত্ৰ প্ৰেৰণ

0 304

কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই যোৱা ২৪ জুনত জিলাখনৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকললৈ প্ৰেৰন কৰা এক পত্ৰৰ জৰিয়তে গ্ৰীষ্মকালীন শিবিৰৰ সময়ছোৱাত গ্ৰহণ কৰিবলগীয়া পঠন কাৰ্যসূচী সমূহ অধিক মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰি তোলা সম্পৰ্কত কেতবোৰ পদক্ষেপ লোৱাৰ অনুৰোধ জনাইছে।উল্লেখ্য যে’পঢ়ক আৰু পঢ়ুৱাওক’ কাৰ্যসূচীৰ অধীনত পঠন অভ্যাস গঠনৰ বাবে জিলাখনত ইতিমধ্যে বহু পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে।পঠনৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিপুণ অসমৰ আধাৰত ‘পঢ়ক আৰু পঢ়ুৱাওক’ কাৰ্যসূচীৰ অধীনত জিলা খনৰ প্ৰতিখন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন শিবিৰ অনুস্হিত কৰাত সহায়ক হোৱকৈ কৰ্মসূচীৰ এক বিস্তৃত বিৱৰণ পত্ৰখনৰ লগত সন্নিৱিষ্ট কৰা হৈছে যাতে এই সমূহৰ সহায় লৈ শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক শক্তিশালী পঠনৰ অভ্যাস গঢ় দিব পাৰে।তদুপৰি পাঠ্যপুথি, পুথিভঁৰালত উপলব্ধ পুথি,আলোচনী,বাতৰি কাকত আদিৰ সহায় লোৱাৰ উপৰি গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত অতি কমেও ১০দিনৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পদক্ষেপ লবলৈও অনুৰোধ জনোৱা হৈছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.