সামাজিক অনুষ্ঠান সুৰক্ষা আউনিহাটীয়ে ১০ জুলাই ৰবিবাৰে কৃষ্ণগোপাল নামঘৰৰ প্ৰাঙ্গনত চলিত বৰ্ষত অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত ,উচ্চতৰ মাধ্যমিক,স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ সৰ্বমুঠ ২০ গৰাকী শিক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপক ডালিম চন্দ্ৰ দাস ,ঠাকুৰাণী নামঘৰৰ আৰু কৃষ্ণগোপাল নামঘৰৰ সভাপতি সম্পাদক, অসম ডনবস্কো ইউনিভাৰ্চিটিৰ সহকাৰী অধ্যাপক ড০ নৱমিতা দাসৰ লগতে কেইবাজনো স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।উক্ত সভাত সুৰক্ষা আউনিহাটীৰ উদ্যোগত আৰু স্পৰ্শ-অসম, বেলি এডুকেশ্বন আৰু প্ৰথম এডুকেশ্বন ফাউণ্ডেচনৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া ১৫ দিনীয়া শৈক্ষিক কৰ্মাশালাৰো শুভ উদ্বোধন কৰা হয় ।অনুষ্ঠানত প্ৰশিক্ষক মণিমা দাস আৰু চুণুমণি দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখযোগ্য যে আৰ্থিক অনগ্ৰসৰতা নেওচি গাওঁখনৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ উত্তীৰ্ণ মানসজ্যোতি দাস, স্নাতক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ভূমিকা কৈৱৰ্ত ,টিনা দাস আৰু স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মৃদুল চৌধুৰীয়ে আত্মবিশ্বাস আৰু একাগ্ৰতাৰ সন্মুখত কোনো আৰ্থ-সামাজিক পৰিৱেশেই সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে বুলি উল্লেখ কৰি অনুজ শিক্ষাৰ্থীসকলক সমাজৰ প্ৰতিও দায়ৱদ্ধ হ’বলৈ আহ্বান জনায়।অঞ্চলটোৰ শিক্ষা, কৃষি,সামাজিক আৰু সাংস্কৃতিক দিশৰ বিকাশৰ বাবে সুৰক্ষা আউনিহাটীয়ে ধাৰাবাহিকভাৱে লৈ অহা ব্যতিক্ৰমী পদক্ষেপসমূহৰো শলাগ লয় কৃতি শিক্ষাৰ্থীসকলে। অনুষ্ঠানটি কণ-কণ মইনাসকলৰ গীত মাতৰ লগতে সম্বৰ্ধিত আন এগৰাকী কৃতি ছাত্ৰ মানস দাসৰ বাঁহীবাদনে মনোগ্ৰাহী কৰি তোলে।সুৰক্ষা আউনিহাটীৰ সভাপতি তথা বেলি এডুকেশ্বনৰ সঞ্চালক ৰত্ন দাস আৰু সুৰক্ষাৰ কৰ্মকৰ্তা বিপুল কুমাৰ দাসে অনুষ্ঠানটো পৰিচালনা কৰে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls