চিকিৎসা বিভাগৰ বিশেষ পদক্ষেপ

0 323

উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক এক বিশ্বমানৰ চিকিৎসা সেৱা প্ৰদানৰ প্ৰয়াসেৰে আৰম্ভ কৰা HealthDNA নামৰ অনুষ্ঠানটোৱে বিগত কিছুদিন অসমৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি সাধাৰণ জনতাক সেৱা আগবঢ়াই আহিছে।ইয়াৰে এক অংশ হিচাপে অলপতে নগাঁও জিলাৰ ৰাঙলুত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। দিল্লী তথা বাংগালোৰস্থিত মণিপাল হস্পিতালৰ হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ সৰিথা গুলাঠী আৰু নিউৰ’লজিষ্ট শশাঙ্ক উপস্থিত থাকে ।দুই শতাধিক ৰোগীয়ে অংশগ্ৰহণ কৰা এই শিবিৰলৈ সুদূৰ কাৰ্বি আংলং,কলিয়াবৰ আদি ঠাইৰপৰাও ৰোগী আহিছিল।প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰৰ চিকিৎসকৰ সেৱা নিজৰ ঠাইতেই লাভ কৰা ৰোগীসকল উৎফুল্লিত হৈ পৰে ৷ইতিমধ্যে HealthDNA ৰ এটা সেৱা কেন্দ্ৰ ৰাঙলুত আৰম্ভ কৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷আনহাতে আগন্তুক নববৰ্ষ আৰু বৰদিনৰ উপহাৰে হিচাবে HealthDNA এটা এপ গুগল ষ্টৰত উপলব্ধ কৰিছে। বিনামুলীয়াকৈ ডাউনলোড কৰিব পৰা এই এপটোৰ জৰিয়তে জনসাধাৰণে স্বাস্থ্যজনিত যিকোনো সমস্যাৰ সমাধান পাব ।

Leave A Reply

Your email address will not be published.