গুৱাহাটী জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শালক্য তন্ত্ৰ বিভাগৰ উদ্যোগত আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ সহযোগত প্ৰয়াত অধ্যাপক ডাঃ কেশৱ চন্দ্ৰ বৰ্মনৰ সোঁৱৰণত ১৪ ছেপ্টেম্বৰত অসম ভিত্তিত এখন প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অধ্যাপক ডাঃ জ্যোতিৰ্ময় শর্মাৰ পৰিচালনাত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ কেবাখনো বিদ্যালয়,মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ দলে অংশগ্ৰহণ কৰে। আৰম্ভণিতে প্ৰয়াত অধ্যাপক ডাঃ কেশৱ চন্দ্ৰ বৰ্মনৰ প্ৰতিচ্ছবিত মালাৰ্পন কৰি প্ৰতিযোগিতাখন উদ্ধোধন কৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ প্ৰণৱজ্যোতি বৈশ্যই। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰী আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে প্ৰয়াত অধ্যাপক ডাঃ কেশৱ চন্দ্ৰ বৰ্মনৰ সহধৰ্মীনি কবিতা বৰ্মন। আনহাতে অসম ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাখনত মুঠ ছটা দল চূড়ান্ত প্ৰতিযোগিতালৈ উত্তীৰ্ণ হয়। প্ৰতিযোগিতাত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভাৰ্গৱ ভূষণ বিশ্বপতি আৰু কৃষানু কাশ্যপ বিশ্বপতিয়ে প্ৰথম স্থান লাভ কৰি নগদ ১৫ হাজাৰ টকাসহ মানপত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাৰ্থ প্রতিম ভৰলুৱা আৰু শক্তিমান পেগুয়ে দ্বিতীয় স্থান লাভ কৰি নগদ ১০ হাজাৰ টকাসহ মানপত্ৰ , চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মিনহাজ ৰহমান আৰু বিমান ডেকাই তৃতীয় স্থান লাভ কৰি নগদ ৭ হাজাৰ টকাসহ মানপত্ৰ লাভ কৰে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিমাংশু নাথ আৰু প্ৰীয়ানুজ পৰাশৰে চতুৰ্থ স্থান , মালিগাঁৱৰ ছেইণ্ট বিবেকানন্দ ইংলিছ একাডেমীৰ নীৰজ শৰ্মা আৰু অংকিত মণ্ডলে পঞ্চম স্থান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সুভাংগ ভূষণ গোস্বামী আৰু লাকী সিঙে ষষ্ঠ স্থান লাভ কৰে। ইয়াৰ উপৰিও চতুৰ্থ, পঞ্চম, ষষ্ঠ পুৰস্কাৰ বিজেতা সকলে নগদ ১ হাজাৰ টকাসহ মানপত্ৰ লাভ কৰে । প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিদ্যালয় দলৰ পুৰস্কাৰ লাভ কৰে ছেইণ্ট বিবেকানন্দ ইংলিছ একাডেমী , শ্ৰেষ্ঠ মহাবিদ্যালয় দলৰ পুৰস্কাৰ লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয় দলটোৱে । প্ৰতিযোগীতাৰ অন্তত বিজয়ী দল সমূহক নগদ ধন আৰু মানপত্ৰ সমূহ প্ৰদান কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram