কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ পশ্চিমধূলী গোসাঁই ঘৰ প্ৰাঙ্গণত আজি ছয়গাঁও মণ্ডল কিষাণ মৰ্চাৰ উদ্যোগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কাৰ্যসূচীৰ লগতে কৃষকক সম্বৰ্ধনা জনোৱা হয় । দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত ভাষণ প্ৰদান কৰে ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য হিৰণ্য দাস, প্ৰভাত চন্দ্ৰ দাস, জিলা সাধাৰণ সম্পাদক লঙ্কেশ্বৰ কলিতা, প্ৰহ্লাদ বিশ্বাস, সম্পাদক কৈল্যাশ কলিতা, ভাৰপ্ৰাপ্ত মণ্ডল সভাপতি মিহিৰ ৰঞ্জন দাস, বনগাঁও মণ্ডলৰ সভানেত্ৰী লাৱণ্য বড়ো, কৃষাণ মৰ্চাৰ সভাপতি ধীৰাজ ঠাকুৰীয়া, কিষাণ মৰ্চাৰ সভাপতি পবিত্ৰ নাথ, জিলা সম্পাদীকা অপৰূপা কলিতা, অবিচি মৰ্চাৰ সভাপতি ৰাজেন নাথ, যুৱ মৰ্চাৰ সভাপতি মন্টু কলিতা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আজিৰ সভাতে অঞ্চলটোৰ কেবাগৰাকীও কৃষকক সম্বৰ্ধনা জনোৱাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক পৰশুৰাম দাস আৰু সঞ্জীৱ দাসক ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পিছতে বিদ্যালয় চৌহদত জিলা সভাপতি ধনেশ্বৰ তালুকদাৰ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য দাসে গছপুলি ৰোপণ কৰে ।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls