জলাতংকা ৰোগৰ বিনামূলীয়া টীকাকৰণ আঁচনিৰ শুভাৰম্ভণি উন্নতমানৰ পশু চিকিৎসাৰ প্ৰতি দায়বদ্ধ চৰকাৰ -মনোজ শইকীয়া

0 156

উন্নত মানৰ পশু চিকিৎসাৰ জৰিয়তে পশুপালক সকলক উপকৃত কৰিবলৈ দায়বদ্ধ ৰাজ্য চৰকাৰ।ইয়াৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে পশুপালন ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। আজি সোনাপুৰৰ ডিমৰীয়াত অনুষ্ঠিত জলাতংক ৰোগৰ বিনামূলীয়া টীকাকৰণ আঁচনিৰ শুভাৰম্ভ কৰি অধ্যক্ষ শইকীয়াই কয় যে জলাতংক ৰোগ এবিধ মাৰাত্মক বিষানুজনিত ৰোগ ।এই ৰোগৰ সঠিক চিকিৎসা নাই যদিও প্ৰতিষেধক আৰু প্ৰতিৰোধ হৈছে একমাত্ৰ বিকল্প।এই ৰোগৰ ৯৬ শতাংশ ৰোগ কুকুৰে কামোৰাৰ ফলতে মানুহৰ দেহলৈ সংক্ৰমিত হয় ।ৰাজ্যখনত এই ৰোগ প্ৰতিৰোধৰ বাবে বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ সহযোগত ২৫ খন জিলাক সামৰি প্ৰথম পৰ্যায়ত ৩৮,৫০০ পালি ছিটা প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।অধ্যক্ষ শইকীয়াই লগতে কয় যে,পশুপালন ক্ষেত্ৰখন সাম্প্ৰতিক সময়ৰ সকলোতকৈ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ।ৰাজ্যখনত প্ৰতিদিনে যুৱক যুৱতী সকলে এই ক্ষেত্ৰখনৰ জৰিয়তে অৰ্থনৈতিক ভাবে স্বাৱলম্বী হ’বলৈ আৰু ৰাজ্যখনক অৰ্থনৈতিক ভাবে শক্তিশালী কৰিবলৈ মন বান্ধিছে। ফলত ৰাজ্যত উৎপাদন বৃদ্ধি পাইছে।চৰকাৰী আঁচনিৰ সফল ব্যৱহাৰ আৰু খৰতকীয়া ৰূপায়ন বাবে এই ক্ষেত্ৰখনৰ গ্ৰহণযোগ্যতা জনসাধাৰণে উপলদ্ধি কৰা বুলিও মতপোষণ কৰে ।বিভাগৰ তৰফৰ পৰা তৃণমূল পৰ্য্যায়ত আন্ত গাঁঠনিৰ পুনৰ নিৰ্মাণ,পশু চিকিৎসলযৰ আধুনিকীকৰণ, পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক পদত নিযুক্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে অধ্যক্ষ শইকীয়াই।অনুষ্ঠানত বিভাগৰ সচিব তথা সঞ্চালক ইন্দিৰা কলিতা ,যুটীয়া সচিব ড৹ আশ্ৰাফুল আমিন প্ৰমুখ্য উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।আজিৰে পৰা ৰাজ্যখনৰ পচিশ খন জিলাত এই অভিযান আৰম্ভ কৰা হয়।

Leave A Reply

Your email address will not be published.