আজি কামৰূপ জিলাৰ ছয়গাঁৱ সমষ্টিৰ অধীনস্থ জাতীয় বিদ্যালয় জাৰপাৰাৰ একাদশ বাৰ্ষিক বঁটা বিতৰণী সভাৰ লগতে বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হৈ যায়।দিনৰ ভাগত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে হাতীপাৰা গাঁৱ পঞ্চায়তৰ সভাপতি মইনুল হকে।বিয়লি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মজিব আলীৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ দিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষক দৰবেছ আলীয়ে।নীলিমা পাৰবিন, আচিকুল ইছলামৰ কোৰাণ পাঠেৰে আৰম্ভ কৰা সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা কবি-সাহিত্যিক দীপক শৰ্মাই অংশ লৈ কয়-শিশু, কিশোৰক শৈশৱৰ পৰা যোগাত্মক চিন্তাৰ কথা ক’ব লাগে।শিশুয়ে প্ৰধান আদিপাঠ গ্ৰহণ কৰে। সেয়েহে ঘৰখনত ইতিবাচক চিন্তাৰ লগতে নৈতিকতাপূৰ্ণ কথাহে আলোচনা কৰিব লাগে।সভাত লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সভাপতি ছামছুল হক,সোণতলী সাহিত্য সভাৰ সভাপতি তথা কবি-লেখক ছামছুল আলম ভূঞাই বিশিষ্ট অতিথি হিচাপে অংশ লোৱা সভাত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দি কয়-শিশুৱে নিজে বিচৰা ধৰণে উৰিব দি,ইয়াৰ গতি, লক্ষ্য আৰু ভুলবোৰ আঙুলিয়াই সংশোধন কৰি দিব লাগে।সভাত বৰভিঠা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল হামিদ,শিক্ষক ত্ৰিৰংগ শৰ্মা, ধীৰাজ কলিতা, নয়নমণি বৰা, আগগুমি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আজমল হক, জাৰপাৰা আঞ্চলিক ৰাইজ গয়ৰহৰ প্ৰাক্তন সভাপতি মহিমুদ্দিন আহমেদ,সমাজকৰ্মী ৰফিজ আলী, ৰাজু আহমেদ সম্মানিত অতিথি হিচাপে অংশ গ্ৰহণ কৰে । অনুষ্ঠানত মৰিয়ম বেগম,চানিয়াৰা বেগে গজল, আৰজিনা বেগম, মহিন চুলতানা, জাব্বিৰ আলি, আতিফা আফৰিন, নিকুনুৰ ৰহমান,মাচুমা বেগম, মিনুৱাৰা বেগম, চানিয়াৰা বেগম, আচিক ৰহমান,অংকিতা গণি আদিয়ে অসমীয়া, ইংৰাজী কবিতা আবৃত্তি, বিষ্ণু ৰাভা নৃত্য, বাগানীয়া নৃত্য, দেশপ্ৰেমমূলক নৃত্য, অসমীয়া নৃত্য,হিন্দী নৃত্য আদি পৰিবেশন কৰে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা