জাতীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত

0 262

সদৌ অসম জাতীয় সাংস্কৃতিক ঐক্য মঞ্চই ৩০ নৱেম্বৰত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে জাতীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰে।দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজা পৰ্যন্ত ভিন্ন জাতি,জনগোষ্ঠীৰ কৃষ্টিৰ বিচিত্ৰ অনুষ্ঠান পৰিবেশিত হোৱা এই সমাৰোহৰ আঁৰত আছে জাতীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি,আঁচনি প্ৰণেতা তথা গৱেষক শিল্পী ভাগ্যজ্যোতি শইকীয়া।
 
বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধনেৰে আৰম্ভ হ’ব লগা সাংস্কৃতিক সমাৰোহখনত অসমৰ বিভিন্ন প্ৰান্তৰ লোকশিল্পী সকলে  বৰগীত, জিকিৰ, কামৰূপীয়া,গোৱালপৰীয়া, লোকগীত,জ্যোতি-বিষ্ণুপ্ৰসাদ, ভূপেন্দ্ৰ সংগীত, ভিন্নৰঙী জনজাতীয় অনুষ্ঠান পৰিবেশন কৰে।তদুপৰি সত্ৰীয়া তথা শংকৰী নৃত্য,বিয়ানাম,নাগাৰানাম , চৈতলী নাম, দেওধনী নৃত্য,ওজাপালি,দেওধা, কামৰূপী ঢুলীয়া,ভোৰতাল নৃত্য,বৰদৈসিখলা, বিহু নৃত্যানুষ্ঠান আদিৰ লগতে লগতে সমাৰোহৰ এটি বিশেষ কাব্যনুষ্ঠান অনুষ্ঠিত হয়।সমাৰোহখনত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.