শোণিতপুৰ জিলাৰ জামুগুৰিহাটত হেপাহৰ ভোগালী বিহুক আদৰিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি । ভোগালী বিহু উপলক্ষে জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাঠবাৰী ব্যৱসায় কেন্দ্ৰত পিতৃ ৰোষ বৰা আৰু পুত্ৰ হৃদয় কমল বৰাৰ সহযোগত অসমীয়া জাতীয় জীৱনৰ থলুৱা জলপানৰ ব্যৱসায়েৰে স্বাৱলম্বিতাৰ পথ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । উক্ত বিপনীখনত ভোগালী বিহুৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ক্ৰমে গুৰ, চিৰা, কোমল চাউল, ভজা চাউল, বৰা চাউল, জহা চাউল, আখৈ, মুৰী, হুৰুমৰ লগতে নানা বিধ পিঠা-পনা, দৈ-ক্ৰিম আদি সকলো উপলব্ধ।এতিয়া ভোগালীৰ সামগ্ৰী কিনিবৰ বাবে যথেষ্ট লোকৰ সমাগম হোৱা দেখা গৈছে। কোনো গ্ৰাহকে ভোগালীৰ সামগ্ৰীৰ বাবে ফোনযোগে অৰ্ডাৰ কৰে তেন্তে হম ডেলিভাৰীৰ জৰিয়তে সুবিধা প্ৰদান কৰা হ’ব বুলি বিপনীখনৰ স্বত্বাধিকাৰ ৰোষ বৰাই জানিবলৈ দিয়ে।
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য