জামুগুৰিহাটৰ গেলা হাটিঙাত তিনি দিনীয়াকৈ উদযাপন ফাকুৱা মহোৎসৱ

0 220

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাৰ গেলা হাটিঙাত তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰাধা কৃষ্ণ ও দৌল যাত্ৰা উদযাপন সমিতিৰ সজৌন্যত সাৰ্ব্বজনীন ফাকুৱা মহোৎসৱ উদযাপন কৰা হৈছে । উক্ত ফাকুৱা মহোৎসৱত হোম যজ্ঞ, হলীৰ গীত আদিৰে মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰে বিৰাজ কৰিছে । আজি গেলা হাটিঙাৰ ৰাইজ সকলে শ্ৰী কৃষ্ণৰ গুণ গান গাই হলিৰ আনন্দত আত্মহাৰা হৈ পৰে । গেলা হাটিঙা অঞ্চলত সকলো চাহ জনগোষ্ঠী ৰাইজ একত্ৰিত হৈ শ্ৰী কৃষ্ণক আৰাধনা কৰি এক আধ্যাত্মিক পৰিবেশ সূচনা কৰে । ইফালে মহোৎসৱৰ বিশেষ মহাত্মাৰে পৰম্পৰা অনুসৰি তিনি দিনীয়াকৈ উদযাপন কৰি অহা ফাকুৱা মহোৎসৱত আজি আকৰ্ষনীয় অনুষ্ঠান কলহ ভঙাত বহু ৰাইজৰ সহযোগ কৰা পৰিলক্ষিত হয় । গেলা হাটিঙাৰ সমগ্ৰ গ্ৰাম্যাঞ্চলত পৰম্পৰাগত ভাবে ফাকুৱা মহোৎসৱ ধুমধামেৰে উদযাপন কৰে ।

জামুগুৰিহাটৰ পৰা  ৰাতুল হাজৰিকা

Leave A Reply

Your email address will not be published.