জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৯ সংখ্যক বিদ্যালয় সপ্তাহ সমাৰোহৰ শুভাৰম্ভ

0 161

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৯ সখ্যক বিদ্যালয় সপ্তাহ সমাৰোহ আৰু যুৱ মহোৎসৱৰ আজি পুৱাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে অৱসৰী শিক্ষয়েত্ৰী ৰুবী হাজৰিকাই । তাৰপিছতে পতাকা উত্তোলনৰ মণ্ডপৰ ৰঙা ফিটা কাটি শুভ উদ্ধোধন কৰে বিদ্যালয়খনৰ বিষয় শিক্ষক সুৰজিৎ চৌধুৰীয়ে আৰু পতাকা উত্তোলন কৰে বিদ্যালয় খনৰ অধ্যক্ষ জীৱন বৰাই৷এই উদ্দেশ্যেৰে পূৱা বিদ্যালয়খনৰ শতাধিকৰো অধিক ছাত্ৰ-ছাত্ৰীৰ সহযোগত বিদ্যালয়ৰ পৰা উলিওৱা এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসুচী ৰূপায়ন কৰি জামুগুৰি ব্যৱসায় কেন্দ্ৰলৈকে পদ যাত্ৰাৰে সম্পন্ন কৰে ৷ অহা বৰ্ষত বিদ্যালয় খনৰ শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলি মন্তব্য কৰে অনুষ্ঠানৰ আঁত ধৰা বিদ্যালয়খনৰ অন্যতম শিক্ষক নিতুমনি বৰাই৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.