জিঅাইএমটি, তেজপুৰত ন-শিক্ষাৰ্থীৰ অাদৰণি অনুষ্ঠান

0 270

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন PPP (Public Private Partnership) আৰ্হিত স্থাপিত অভিযান্ত্ৰিক শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী (জিআইএমটি, তেজপুৰ)ত আজি দিনজোৰা কাৰ্য্যসূচীৰে ন-শিক্ষাৰ্থীসকলক আদৰণি জনোৱা হয়। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি হিচাপে আয়োজিত একেটা অনুষ্ঠানতে শিক্ষানুষ্ঠানখনৰ নৱনিযুক্ত অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁইকো সম্ভাষণ জনোৱা হয়। এইখিনিতে উল্লেখযোগ্য, ৰাজ্যখনৰ বিশিষ্ট কেৰিয়াৰ কাউন্সিলাৰ তথা গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজীৰ ডীন ষ্টুডেণ্টচ ৱেলফেয়াৰ (Dean Students’ Welfare) হিচাপে পূৰ্বে কৰ্মৰত ড° বুলজিৎ বুঢ়াগোহাঁইয়ে আজিৰেপৰা জিআইএমটি, তেজপুৰৰ নতুন অধ্যক্ষ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছে। শিক্ষানুষ্ঠানখনৰ পূৰ্বৰ অধ্যক্ষ তথা বিশিষ্ট বিজ্ঞান লেখক ড° ৰমেশ চন্দ্ৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে কাৰ্য্যভাৰ প্ৰদান কৰি নতুন অধ্যক্ষৰ আগমণত তেওঁৰ সন্তুষ্টি ব্যক্ত কৰে। লগতে তেওঁৰ আদৰণি ভাষণত নতুনকৈ নামভৰ্তি কৰা সকলো শিক্ষাৰ্থীকে চাৰি বছৰীয়া পাঠ্যক্ৰমৰ বাবে শুভেচ্ছা প্ৰদান কৰে। জিঅাইএমটি, তেজপুৰৰ পূৰ্বৰ সাফল্যৰ কথা দোহাৰি শিক্ষানুষ্ঠান বাচনিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে সঠিক সিদ্ধান্ত লোৱা বুলিও তেওঁ জনায়।

ইয়াৰ পিছতে নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁইয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি দিয়া ভাষণত নিজৰ নিজৰ স্বকীয় প্ৰতিভা বিকাশৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। স্ব-প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কোন শিক্ষানুষ্ঠানখনৰ পৰা ডিগ্ৰী গ্ৰহণ কৰা হৈছে সেই কথাটোৱে বিশেষ গুৰুত্ব বহণ নকৰে বুলিও তেওঁ অৱগত কৰে। লগতে অনাগত দিনত প্ৰতিগৰাকী শিক্ষাৰ্থীৰে সুকীয়া প্ৰতিভা বাচি উলিওৱাৰ ক্ষেত্ৰত তেওঁ সকলোৰে সৈতে ব্যক্তিগতভাৱে মত বিনিময় কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ পিছতে শিক্ষানুষ্ঠানখনৰ ডীন একাডেমিকছ (Dean, Academics) তথা মেকানিকল ইঞ্জিনিয়াৰিঙ বিভাগৰ মুৰব্বী অধ্যাপক দীপল বৰুৱাই ভাষণ আগবঢ়ায়। ভাষণত শিক্ষানুষ্ঠানৰ সামগ্ৰিক পৰিচয় দাঙি ধৰাৰ লগতে অন্যান্য শৈক্ষিক নীতি নিয়মৰ বিষয়ে তেওঁ নতুন ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়। শিক্ষানুষ্ঠানখনত উপলব্ধ সকলো সুযোগ সুবিধাৰ লাভ উঠাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনোৱাৰ লগতে উপস্থিত অভিভাৱক সকলকো নিয়মীয়াকৈ নিজৰ সন্তানৰ শৈক্ষিক অগ্ৰগতিৰ খা-খৱৰ ৰাখি যাবলৈ তেওঁ অনুৰোধ কৰে। তেখেতৰ পিছতে শিক্ষানুষ্ঠানখনৰ ডীন এডমিনিষ্ট্ৰেচন (Dean, Administration) কেপ্টেইন মুকুল কুমাৰ দাসে শিক্ষানুষ্ঠানখনৰ ইউনিফৰ্মৰে পৰা আদি কৰি নীতি নিয়ম উলংঘা কৰাৰ বাবে প্ৰযোজ্য শাস্তি জৰিমণা সম্পৰ্কে সকলো কথা বিস্তৃতভাৱে বৰ্ণনা কৰে। অনাগত চাৰিবছৰত শাস্তিৰ সন্মূখীন হ’বলগীয়া কোনোধৰণৰ অপকৰ্ম নকৰিবলৈও তেওঁ শিক্ষাৰ্থীসকলক আহ্বান জনায়। ইয়াৰ পিছতে উপস্থিত সকলোকে চাহ-মিঠাইৰে আপ্যায়নৰ যোগেদি সভাৰ সামৰণি মৰা হয়।

সভাৰ পিছতে নতুন শিক্ষাৰ্থীসকলক গোটেই শিক্ষানুষ্ঠানখন চিনাকী কৰোৱাৰ উদ্দেশ্যে কলেজখনৰ লাইব্ৰেৰী, কম্পিউটাৰ লেব’ৰেটৰী, অন্যান্য বিভাগীয় লেব’ৰেটৰী, চেণ্ট্ৰেল মেকানিকেল ৱৰ্কশ্বপ আদি পৰিভ্ৰমণ কৰোৱা হয়। শিক্ষানুষ্ঠানখনৰ অধ্যাপক, কাৰিকৰী সহায়ক সকলোৱে মিলি শিক্ষাৰ্থীসকলক তেওঁলোকৰ অনাগত চাৰিবছৰীয়া পাঠ্যক্ৰমৰ বাবে আৱশ্যক হোৱা পৰীক্ষাগাৰসমূহৰ আভাস দিবলৈ চেষ্টা কৰে।

এইখিনিতে উল্লেখযোগ্য, প্ৰতিষ্ঠাৰ সময়ৰে পৰা অত্যন্ত চমকপ্ৰদ ৰিজাল্টেৰে সাফল্যৰ ধাৰা অব্যাহত ৰখা শিক্ষানুষ্ঠানখনে এইবাৰৰ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলক লৈ অষ্টমটো বৰ্ষত ভৰি দিছে। চিভিল, মেকানিকেল আৰু ইলেকট্ৰিকেল এই তিনিটা বিভাগৰ বি টেক পাঠ্যক্ৰম আগবঢ়োৱা কাৰিকৰী শিক্ষানুষ্ঠানখনত চিভিল আৰু মেকানিকেল বিভাগত ৬০’টাকৈ আসন থকাৰ বিপৰীতে ইলেকট্ৰিকেল বিভাগৰ মুঠ আসনৰ সংখ্যা ৩০’টা। ইয়াৰে প্ৰতিটো বিভাগৰ ২০% আসন চৰকাৰীভাৱে সংৰক্ষিত। প্ৰায়সংখ্যক চৰকাৰী আসনৰে ইতিমধ্যে নামভৰ্তি সম্পূৰ্ণ হৈছে যদিও অসম অভিযান্ত্ৰিক অনুষ্ঠানত হ’বলগীয়া অাগন্তুক তৃতীয়লানি কাউন্সেলিঙৰ যোগেদি এতিয়াও আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ সুযোগ গ্ৰহণ কৰিব পাৰে। ঠিক একেদৰে শিক্ষানুষ্ঠানখনত বাকী ৰোৱা সীমিত সংখ্যক আসনৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলে আগ্ৰহী অভিভাৱক, ছাত্ৰ-ছাত্ৰীসকলে ৮৮১২০ ২৮৮২২ আৰু ৯৮৬৪৮ ৫৫১৩৩ এই দুটা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.