জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন

0 91

বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক সজাগ কৰা উদ্দেশ্যে আজি জিএনআৰ হাস্পাতালৰ দিছপুৰ শাখাত এখন সংবাদমেল আয়োজন কৰা হয়।মূৰত পোৱা আঘাতৰ বাবে হ’ব পৰা জৰুৰীকালীন সমস্যাসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা আৰু ভ্ৰমণ কালত হেলমেট আৰু ছিটবেল্ট পৰিধান কৰি নিজকে সম্ভাব্য দুৰ্ঘটনাৰ পৰা কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই সংবাদ মেলৰ আয়োজন কৰা হয়।

সংবাদমেলৰ জি এন আৰচি হাস্পাতালৰ স্নায়ুশল্য বিভাগৰ সঞ্চালক ডাঃ নভনীল বৰুৱাই ভাৰতত সংঘটিত হোৱা দুৰ্ঘটনাজনিত মগজুৰ আঘাতৰ আৰু লগতে ইয়াৰ পৰা হ’ব পৰা ভয়াবহতা সমূহৰ বিষয়ে ব্যাখ্যা কৰে। বৰ্তমান সময়ছোৱা পথ দুৰ্ঘটনাত যুৱক যুৱতী সকল যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা দেখা গৈছে।বছৰত ১৮ লাখতকৈ অধিক ব্যক্তি দুৰ্ঘটনাত মগজুৰ আঘাতৰ ফলত চিকিৎসালয় ত ভৰ্তি হৈ যথেষ্ট মানসিক চাপত ভুগিব লগীয়া হয়। দুৰ্ঘটনাগ্ৰস্ত হৈ মূৰৰ আঘাত পোৱাৰ ফলত প্ৰতিবছৰে প্ৰায় ২,২০,০০০তকৈও অধিক ব্যক্তি মৃত্যুমুখত পৰাৰ বিপৰীতে ১০ লাখতকৈ অধিক ব্যক্তি চিকিৎসাধীন হ’ব লগীয়া হয়।

সংবাদমেলত জিএনআৰচি দিছপুৰ শাখাৰ স্নায়ুশল্য বিভাগৰ বিশেষজ্ঞ ডাঃ নৱজ্যোতি বৰা আৰু ডাঃ ইনামুল হক উপস্থিত থাকি মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ বিভিন্ন কাৰণ ব্যাখ্যা কৰে।

জিএনআৰচি হাস্পাতালে সমাজখনক আগবঢ়োৱা সেৱা আৰু জৰুৰীকালীন ৰোগীক সময়মতে চিকিৎসা সেৱা আগবঢ়াবলৈ সদায় প্ৰস্তুত হৈ থকাৰ লগতে বিভিন্ন ধৰণৰ পদক্ষেপ সমূহৰ বিষয়ে জানিবলৈ দিয়ে জিএনআৰচি গ্ৰুপ অৱ হাস্পাতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ আশীষ মালাকাৰে। ২০১৪ চনৰ জুলাই মাহৰ পৰা জিএনআৰচি হাস্পাতালৰ আৰম্ভ হোৱা ২৪ ঘন্টাৰ জৰুৰীকালীন আৰু আঘাতপ্ৰাপ্ত ৰোগীৰ বিনামূলীয়া চিকিৎসা সেৱা আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১,৮৩,০০০ বিভিন্ন জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়োৱা হৈছে।

দুৰ্ঘটনা ফলত মগজুৰ আঘাতপ্ৰাপ্ত কাৰণবোৰ গুৰুত্ব সহকাৰে আলোকপাত কৰা বাবে জিএনআৰচি দিছপুৰ মুখ্য সঞ্চালক বিষয়া ডাঃ সুব্ৰত ভাগৱতীয়ে আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ডাঃ ভাগৱতীয়ে প্ৰতীৰোধমূলক ব্যৱস্থাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু তৎকালীন ভাবে উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ লক্ষ্যৰে অসংখ্য পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে। জিএনআৰচি হাস্পাতালৰ। জিএনআৰচি হাস্পাতালৰ সকলোৱে বাবে স্বাস্থ্য সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ যি লক্ষ্য তাক সাফল্যমণ্ডিত কৰিবলৈ এনেধৰণৰ পদক্ষেপসমূহে জনসাধাৰণক যথেষ্ট পৰিমাণে লাভম্বিত কৰিব।

Leave A Reply

Your email address will not be published.