কালি সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ তৰফৰ পৰা অসমৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক শ্বিলঙৰ অকলেণ্ডস্থিত তেওঁৰ বাসভৱনত সম্বৰ্ধনা জনোৱা হয়। সন্থাৰ তৰফৰ পৰা উপদেষ্টা কমল লোচন দাস, সভাপতি বিতোপন বৰবৰা, সাধাৰণ সম্পাদক শিবাণু বৰা, যুটীয়া সম্পাদক প্ৰবাল খাওন্দ, বিত্ত সম্পাদক অনুপম হাজৰিকা, কাৰ্যনিৰ্বাহক আজহাৰ আলম আৰু সদস্য বশিষ্ঠ দেৱ ফুকন শিল্পীগৰাকীৰৰ ঘৰলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এখনি ফুলাম গামোচা, এখনি শৰাই , এখনি শ্বল, এখনি সম্বৰ্ধনা পত্ৰৰে গুণী শিল্পীগৰাকীক শ্ৰদ্ধা আৰু মৰম নিবেদন কৰে। ১৯৩২ চনত শ্বিলঙত জন্মগ্ৰহণ কৰা জ্ঞানদা কাকতিৰ পিতৃ দেৱেন দাস আৰু মাতৃ বিৰজা দাস । সৰুৰে পৰা নৃত্য সংগীত আৰু অভিনয় ভালপোৱা জ্ঞানদা কাকতিৰ পিতৃয়ে চাকৰিসুত্ৰে তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলঙত কৰ্মৰত হোৱা বাবে শ্বিলঙৰ লাবানত স্থায়ীভাৱে বাস কৰিবলৈ লয় । সৰুৰে পৰা ঘৰতে এক সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা জ্ঞানদা কাকতিয়ে নিজৰ মাকৰ পৰা সংগীত আৰু দেউতাকৰ পৰা অভিনয়ৰ আদিপাঠ লাভ কৰে। ‘সতী বেউলা’ নামৰ নাটকখনত তেওঁ কৰা নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভাই নিজে তেওঁক নৃত্য শিকাবলৈ আগবাঢ়ি আহিছিল । জ্ঞানদা কাকতিৰ স্বামী লোহিত কাকতিও এজন ভাল গায়ক আৰু বাঁহিবাদক আছিল । সৰুৰে পৰা মঞ্চত কবিতা আবৃত্তি, নৃত্য আৰু অভিনয় কৰা জ্ঞানদা কাকতিয়ে অভিনয় কৰা প্ৰথম ছবিখন হৈছে প্ৰবীণ ফুকন পৰিচালিত ‘পাৰঘাট’ (১৯৪৮) । ‘পাৰঘাট’ৰ পিছত জ্ঞানদা কাকতিয়ে নায়িকা হিচাপে অভিনয় কৰা অসমীয়া ছবিকেইখন হৈছে ‘পিয়লি ফুকন’, ‘সৰাপাত’, ‘লখিমী’, ‘ৰঙা পুলিচ’, ‘পূবেৰুণ’, ‘চাকনৈয়া’, ‘পুৱতী নিশাৰ সপোন’, ‘নৰকাসুৰ’, ‘আমাৰ ঘৰ’, ‘ওপৰ মহলা’, ‘শেষ বিচাৰ’, ‘প্ৰিয়জন’ আৰু ‘ৰাগ-বিৰাগ’। অসমীয়া ছবিজগতৰ লগতে বাংলা ছবিজগততো নিজৰ মোহময়ী অভিনয়েৰে জ্ঞানদা কাকতি প্ৰতিস্থিত হৈছিল । তেওঁ অভিনয় কৰা বাংলা ছবিকেইখন হৈছে – ‘নীলাচলে মহাপ্ৰভূ’, ‘গড়েৰ মাঠে’, ‘বৰমা’ আদি । বিশ্বৰ এটি অতি লেখত ল’বলগীয়া আৰু পুৰণি চলচ্চিত্ৰ মহোৎসৱ বাৰ্লিন চলচিত্ৰ মহোৎসৱত ১৯৬০ চনত জ্ঞানদা কাকতি অভিনীত তথা প্ৰভাত মুখাৰ্জী পৰিচালিত ‘পূবেৰুণ’ ছবিখনে ভাৰতীয় ছবি হিচাপে প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হোৱাৰ উপৰি ছবিৰ পৰিচালক প্ৰযোজক সহিতে তেওঁ নিজেও উক্ত মহোৎসৱত উপস্থিত আছিল । তদুপৰি হলিউডৰ বিখ্যাত অভিনেতা কেৰি গ্ৰান্টৰ লগত নৃত্য কৰাৰো সুযোগ পাইছিল অভিনেত্ৰীগৰাকীয়ে । গুৱাহাটী আৰু শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ সুগায়িকাৰূপে প্ৰতিষ্ঠা লাভ কৰা জ্ঞানদা কাকতিয়ে দুখনমান গ্ৰামোফোন ৰেকৰ্ডতো গান গাইছিল । অসম চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন লাভ কৰা এইগৰাকী শিল্পীলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে ‘কলাগুৰু বিষ্ণুৰাভা বটাঁ’ আগবঢ়াইছে । কালি সন্থাৰ সম্বৰ্ধনা গ্ৰহণ কৰি অভিভূত হৈ পৰে প্ৰবীণ শিল্পীগৰাকী । এই মৰম পাই ভাবুক হৈ পৰা অভিনেত্ৰীগৰাকীৰ দুচকুৰে চকুলো নিগৰি আহে । ‘এই মৰমত মই খুবেই আপ্লুত হৈছো । মোৰ বাবে এয়া এক ডাঙৰ সন্মান । এই মৰমৰ বিনিময়ত মই আপোনালোককো মোৰ মৰম যাচিছো । এয়া আমাৰ বাবে জীয়াই থকাৰ এক সঞ্জীৱনী ।’ — জ্ঞানদা কাকতিয়ে কয় । বাৰ্লিনলৈ যোৱাৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ছবিজগতত ব্যস্ত সময়খিনিৰ কথা বৰ্ণনা কৰি আবেগিক হৈ পৰে অভিনেত্ৰীগৰাকী । বি বি চিৰ সাংবাদিকক প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী হিচাপে সাক্ষাৎকাৰ দিয়াৰ মুহুৰ্তবোৰৰ কথাও কৈ ভাবুক হৈ পৰে শিল্পীগৰাকী । উল্লেখযোগ্য যে আজিৰ এই সম্বৰ্ধনা অনষ্ঠানতে সন্থাই মুখ্যমন্ত্ৰীক জনোৱা এক আহ্বান মৰ্মে চৰকাৰৰ তৰফৰ পৰা শিল্পীগৰাকীক ২ লাখ টকাৰ আৰ্থিক অনুদান দিয়া হয় । চৰকাৰৰ হৈ চেক প্ৰদান কৰে সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব অনন্ত গগৈয়ে । চৰকাৰে প্ৰদান কৰা এই আৰ্থিক অনুদানত শিল্পীগৰাকীয়ে মুগ্ধ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতাৰ শলাগ লোৱাৰ লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰো শলাগ লয়। শিল্পীৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপক ধন্যবাদ জনায় শিল্পীগৰাকীয়ে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যকো ১ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল । কাকতালীয়ভাৱে আজিৰ দিনটো আছিল প্ৰয়াত অনুপমা ভট্টাচাৰ্যৰ জন্মদিন ।আপোনালোকৰ মৰম আৰু মহানুভৱতাক মই কেতিয়াও পাহৰিব নোৱাৰিম । সকলোকে বিদায় দিয়াৰ পৰত এইদৰে কয় জ্ঞানদা কাকতিয়ে ।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি