জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক ‘ইজাৰ তথ্য চিত্ৰ সাংবাদিকতা বঁটা প্ৰদান

0 263

ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনৰ বৰপেটা জিলা সমিতিয়ে সাংবাদিক ফৰহাদ ভূঞাক “তথ্যচিত্ৰ সাংবাদিকতা ২০২১” বঁটা প্ৰদান কৰে। কয়াকুছিত অনুষ্ঠিত ইজাৰ জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনত ফুলাম গামোচা, মানপত্ৰ, জাপি আৰু মেমেন্টোৰে এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে ইণ্ডিয়ান জাৰ্নেলিষ্ট এছচিয়েচনৰ জিলা সমিতিৰ সভাপতি জলিল, কাৰ্যকৰী সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক মনজিৎ দাস আৰু সম্পাদক সেখ ৰহমত উল্লাহই।
সুদীৰ্ঘদিনধৰি অতি নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়োৱা ফৰহাদ ভূঞাই অষ্টমমান শ্ৰেণীত পঢ়ি থাকোতেই যোৰহাটৰ পৰা প্ৰকাশিত দৈনিক জনমভূমি কাকতত পোন প্ৰথমে ফৰহাদ ভূঞাৰ শিক্ষামূলক এটি চিঠি প্ৰকাশ হয়। ইয়াৰ পিছত তেওঁ তিনিদিনীয়া অগ্ৰদূত কাকতৰ শিশু শিতানত নিয়মীয়াকৈ লিখিবলৈ লয়। কলেজীয়া জীৱনৰ পৰাই ভূঞাই বাতৰি লিখা আৰম্ভ কৰে। ১৯৯৪ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত আজিৰ বাতৰি কাকতত তেওঁৰ প্ৰথম বাতৰি ফটোসহকাৰে প্ৰকাশ পায় প্ৰথম পৃষ্ঠাৰ লীড হিচাপে। ইয়াৰ কিছুমাহ পিছতেই চৰ অঞ্চলৰ এটি ফটোবাতৰি অসমীয়া প্ৰতিদিন কাকতত গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ পায়। দৈনিক অগ্ৰদূত কাকত, পষেকীয়া গণ অধিকাৰ, সাপ্তাহিক মুজাহিদ কাকতত নিয়মীয়াকৈ বাতৰি প্ৰকাশ হৈ থাকোতেই ১৯৯৮ চনত দৈনিক জনমভূমি কাকতৰ বহৰিৰ স্থানীয় সংবাদদাতা হিচাপে নিযুক্তি পায়। ইয়াৰ পিছত অসমীয়া খবৰ কাকতৰ জন্মলগ্নৰে পৰা বহৰি, বৰপেটাৰ সাংবাদিক হিচাপে নিযুক্তি লাভ কৰি ২০০৭ চনলৈকৈ কাকতখনলৈ সংবাদ সেৱা আগবঢ়ায়। ২০১১ চনত পষেকীয়া গণ অধিকাৰ দৈনিক গণ অধিকাৰ হিচাপে প্ৰকাশ হ’বলৈ ধৰে। ভূঞাই কাকতখনৰ জন্মলগ্নৰে পৰা বৰ্তমানলৈকে জ্যেষ্ঠ সাংবাদিক হিচাপে নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰি আছে। চৰ-চাপৰি সাহিত্য পৰিষদৰ মাহেকীয়া আলোচনী “ফচল”ৰ সম্পাদকৰ দায়িত্বও পালন কৰিছে ভূঞাই। ভূঞাৰ অৰ্ধশতাধিক কবিতা ইতিমধ্যে বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে।
নিয়মীয়া বাৰ্তা, জ্ঞান সম্ভাৰ মাহেকীয়া আলোচনীত তেওঁৰ তত্ত্বগধুৰ নিবন্ধ সময়ে সময়ে প্ৰকাশ পায়। সাংবাদিক ফৰহাদ ভূঞাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াকে আদি কৰি চৰ-চাপৰি অঞ্চলৰ বিভিন্ন সমস্যা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত দাঙি ধৰিবলৈ সক্ষম হৈছে। বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিক উৱাজউদ্দিন আহমেদৰ লগতে বিভিন্ন অঞ্চলৰ সংবাদিক, লেখকসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.