নিজ মাতৃৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে চিকিৎসক ডা:সঞ্জীৱ বৰুৱাই প্ৰবৰ্তন কৰা পদ্মা বৰুৱা বঁটা মংগলবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা টীয়কৰ সন্তান ডা:বৰুৱাই টীয়ক উচ্চ ইংৰাজী বিদ্যালয় আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতীত্বৰে উৰ্তীন হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰী সকলক আগবঢ়াই আহিছে এই বঁটা ।এই বঁটাত এখন মানপত্ৰ সহ নগদ ধনৰ টোপোলা আগবঢ়াই চিকিৎসক গৰাকীয়ে । এই উপলক্ষ্যত টীয়ক হাইস্কুলত অনুষ্ঠিত এক অনুষ্ঠানত দীপ মিলি আৰু অঙ্কুৰজ্যোতি ভূঞাক আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত নেহা বেগম,ময়ূৰপংখী শইকীয়া আৰু নমিতা বাৰিকক এই বঁটা প্ৰদান কৰা হয় । তদুপৰি পূৰ্বে এই বঁটা প্ৰাপক কেইবাগৰাকী ছাত্ৰীক গ্ৰন্থ ক্ৰয়ৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।এই অনুষ্ঠানত ডাঃ সঞ্জীৱ বৰুৱাৰ উপৰি চিকিৎসক ডাঃ ৰাধেশ্যাম গগৈ, টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক ঊজ জামান,বিদ্যালয় দুখনৰ প্ৰধান ক্ৰমে ৰূপাঞ্জলী হাজৰিকা আৰু ৰাজু কুমাৰ শইকীয়া উপস্থিত থাকে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap