টীয়কৰ এজন উদ্যমী যুৱ ব্যৱসায়ীয়ে ৰাইজৰ সুবিধাৰ্থে দান কৰিলে এম্বুলেঞ্চ। সঞ্জয় সভাপণ্ডিত নামৰ যুৱকজনে তেওঁৰ পিতৃৰ পবিত্ৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত এখন মাৰুতি ভান এম্বুলেঞ্চ ৰাইজৰ সুবিধাৰ্থে দান কৰিছে।নুন্যতম ইন্ধনৰ খৰচ বহন কৰি ২৪ ঘন্টাই অক্সিজেন চিলিণ্ডাৰসহ এই এম্বুলেঞ্চখন ৰাইজৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰিছে যুৱ ব্যৱসায়ীজনে।লগতে তেওঁৰ পিতৃ প্ৰায়ত কুল নাথ সভাপণ্ডিতৰ নামত কে এন সভাপণ্ডিত ফাউণ্ডেশ্যন নামৰ এটা ট্ৰাষ্টৰ যোগেদি অনাগত সময়তো ৰাইজৰ কেতবোৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিব বুলি আশা প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে প্ৰয়াত কুল নাথ সভাপণ্ডিতে টীয়ক নগৰৰ মাজমজিয়াত পাৰিজাত নামে এক হোটেল ব্যৱসায় কৰিছিল আৰু এই ব্যৱসায়ৰ যোগেদি বহুতো নিবনুৱা যুৱকক সংস্থাপনৰ দিহা কৰিছিল আৰু পৰবৰ্তী সময়ত ব্যৱসায়ৰ সমান্তৰালকৈ টীয়কৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ সামাজিক দ্বায়বদ্ধতাৰ পৰিচয় দিয়াৰ লগতে এগৰাকী আদৰ্শ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল যি আধুনিক টীয়ক গঢ়াত যথেষ্ট অৰিহণা আগবঢ়াইছিল।বিশিষ্ট ব্যৱসায়ীগৰাকীৰ জেষ্ঠ পুত্ৰ তথা পৰিয়ালে ৰাইজৰ সেৱা অৰ্থে লোৱা এই পদক্ষেপক সকলোৱে আদৰণী জনাইছে লগতে ২৪ ঘন্টাই ৰাইজৰ সহায়ৰ বাবে 8761856868/9954489171 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
Trending
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন