টীয়কত ৬টা গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন

0 245

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ লগতে টীয়ক সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ উপস্থিতিত সোমবাৰে টীয়কত ছয়টাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰা হয়। টীয়ক বলমা নকচাৰী ( TBN ) , ৰোষেশ্বৰ বৰুৱা পথ, চেনীজান যোগীভেটা পথ, মুদৈজান পথ, টীয়ক এফ আৰ ইউ পথৰ লগতে ললিত চন্দ্ৰ ৰাজখোৱা পথৰ আধাৰশিলা স্থাপন কৰে। সমষ্টিটোৰ উন্নত যোগাযোগ ব্যৱস্থাই এটা অঞ্চলক উন্নতি সাধন কৰাৰ লগতে গাঁৱৰ উৎপাদিত সামগ্ৰীৰ এখন সুন্দৰ বজাৰ উৎপাদক সকলে লাভ কৰিব বুলি মত পোষণ কৰে সাংসদ গৰাকীয়ে। আনহাতে টীয়কৰ পৰা ধোদৰ আলিলৈ অতি গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত হৈ অহা টীয়ক বলমা নকছাৰী পথচোৱাৰ নিৰ্মাণ কাৰ্যত বিশেষকৈ টীয়কৰ পৰা মৰিয়নী ৰেল জংচনলৈ অহা যোৱা কৰাত সুগম হ’ব। আনহাতে আজি দীৰ্ঘদিনে এজাক বৰষুণতেই জলমগ্ন হৈ পৰা টীয়ক নগৰৰ অতি ব্যস্ত টীয়ক এফ আৰ ইউ পথৰ দোয়োকাষে নলা নিৰ্মানে এটা বহু দিনীয়া সমস্যাৰ সমাধান কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। আধাৰশিলা অনুষ্ঠানত অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, অগপৰ যোৰহাট জিলা সম্পাদক দ্বিপেন বৰগোঁহাই ,ঠেঙাল কছাৰী পৰিষদৰ উপ মুখ্য কৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, হোলোঙাপাৰ জিলা পৰিষদৰ সদস্যা প্ৰণতি ফুকন ,বিজেপিৰ চিপাহী খোলা মণ্ডলৰ সভাপতি ৰাতুল বৰঠাকুৰৰ লগতে লোকনিৰ্মাণ বিভাগৰ অভিযন্ত্ৰা সকল উপস্থিত থাকে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Leave A Reply

Your email address will not be published.