উত্তৰ-পূৱ সীমান্তৰ (NFR) ৰে’লৱে বিষয়াসকলে যোৱা দেওবাৰে এক আলোচনাত কয় যে ভাৰতৰ দীঘল ৰে’ল বিবেক এক্সপ্ৰেছ ৯ খন ৰাজ্যৰ মাজেদি প্ৰায় ৪,১৮৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। অসমৰ ডিব্ৰুগড়ৰ পৰা ৰে’লখনে যাত্ৰা আৰম্ভ কৰিব বুলিও কয় ৰেলৱে বিষয়াসকলে।এন.এফ.আৰৰ মুখ্য কাৰ্যবাহী বিষয়া সব্যসাচী দে’ কয় যে ৰে’ল কৰ্তৃপক্ষই ডিব্ৰুগড় পথত চলি থকা বিবেক এক্সপ্ৰেছ সপ্তাহত দুদিনৰ পৰা চাৰিদিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।বিবেক এক্সপ্ৰেছ পূৰ্বে কেৱল শনিবাৰে চলিছিল আৰু তাৰ পিছত ডিব্ৰুগড়ৰ পৰা দ্বি-সাপ্তাহিকলৈ বৃদ্ধি হৈছিল। কিন্তু বৰ্তমান ৭ মে’ৰ পৰা সপ্তাহত চাৰিদিন চলিব এই ৰে’ল।অৰ্থাৎ শনিবাৰে, দেওবাৰে, মঙলবাৰে আৰু বৃহস্পতিবাৰে চলাচল কৰিব।একেদৰে এতিয়া বৃহস্পতিবাৰে আৰু দেওবাৰে চলি থকা ৰে’লখন (কন্যাকুমাৰী- ডিব্ৰুগড়) বিবেক এক্সপ্ৰেছ প্ৰতি বুধবাৰে, বৃহস্পতিবাৰে, শনিবাৰে আৰু সোমবাৰে ১১ মে’ৰ পৰা চলাব। ৪,১৮৯ কিলোমিটাৰ পথত ৫৯ টা ডবা থকা ৰেলখন ২০১১ চনৰ ১৯ নৱেম্বৰত আৰম্ভ কৰা হৈছিল। উল্লেখ্য যে, যোৱা ১১ বছৰত ৰে’লখনে নিৰন্তৰভাৱে জনসাধাৰণক সেৱা আগবঢ়াই আহিছে। ৰেলখনৰ সময় আৰু ৰখিবলগীয়া ষ্টেচনসমূহো অপৰিৱৰ্তিত থাকিব।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন