ঢকুৱাখনাত কৰ্মচাৰী পৰিষদৰ শ্বহীদ দিৱস পালন

0 205

ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰী সকলৰ প্ৰাপ্য স্বাধীকাৰ গণতান্ত্ৰিক পন্থাৰে সাব্যস্ত কৰা সংগ্ৰামত আত্মহুতি দিয়া শ্বহীদ কৰ্মচাৰী দিলীপ চক্ৰৱৰ্তীৰ আজি মৃত্যু তিথি। জাতীয় দায়বদ্ধতাৰে নায্যপ্ৰাপ্য আদায়ৰ স্বাৰ্থত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বায়িত গণতান্ত্ৰিক সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰি প্ৰাণাহুতি দিয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰথম গৰাকী শ্বহীদ দিলীপ চক্ৰৱৰ্তীৰ সশ্ৰদ্ধ স্মৃতিত ১নৱেম্বৰ বুধবাৰে সমগ্ৰ ৰাজ্য জুৰি কৰ্মচাৰী পৰিষদে পালন কৰিছে শ্বহীদ দিৱস।

১৯৮০ চনৰ ১ অক্টোবৰত অসম চৰকাৰৰ সচিবালয়ত অহিংস গণ সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰাৰ ক্ষণত শাসক বাহিনীৰ নিৰ্বিচাৰ গুলীত মৃত্যু বৰণ কৰা এই গৰাকী  শ্বহীদ কৰ্মচাৰীৰ আত্মোৎসৰ্গাৰ সশ্ৰদ্ধ স্মৰণেৰে বুধবাৰে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগতো কৰ্মচাৰী ভৱন প্ৰাংগণত শ্বহীদ দিৱস পালন কৰা হয়।
ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ স্থায়ী কাৰ্য্যালয় “কৰ্মচাৰী ভৱন “প্ৰাংগণত পুৱা পৰিষদৰ পতাকা কৰে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াই।জিলা কৰ্মচাৰী পৰিষদৰ উপ সভাপতি জিতেন দাস,সাধাৰণ সম্পাদক সুনীল কুমাৰ  দত্ত, সহকাৰী সাধাৰণ সম্পাদক বিজয় দলে, কাৰ্য্যালয় সম্পাদক সৰুফুল  ৰাজখোৱা , কাৰ্যনিৰ্বাহক সদস্য জিতু মনি বৰা আদি গৰিষ্ঠ সংখ্যক কৰ্মকর্তাৰ  উপস্থিতিত জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা তথা প্ৰাক্তন ৰাজ্যিক সদস্য ললিত দাসে শ্বহীদ বেদীত ধূপ, বন্তি প্ৰজ্বলনেৰে পুষ্প মাল্য প্ৰদান কৰি শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু সংগ্ৰামী শ্বহীদ গৰাকীৰ সশ্ৰদ্ধ স্মৰণ কৰে।  সাহসী কৰ্মচাৰী শ্বহীদ দিলীপ চক্ৰৱৰ্তী অমৰ হওক, সদৌ অসম কৰ্মচাৰী পৰিষদ জিন্দাবাদ,ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ জিন্দাবাদ আদি শ্লোগান দি কৰ্মচাৰী সকলে শ্বহীদ গৰাকীৰ গুণানুকীৰ্তন কৰে।পৰিষদৰ সমূহ কৰ্মকর্তাই শ্বহীদ গৰাকীৰ চৰম ত্যাগৰ সশ্ৰদ্ধ স্মৰণ কৰি বিদেহ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰি দিৱসৰ সামৰণি  মাৰে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.