ঢকুৱাখনাত প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা  যোজনাৰ সজাগতা সভা অনুষ্ঠিত

0 468

ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ দপ্তৰৰ অন্তৰ্গত  ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত শনিবাৰে প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা প্ৰকল্পৰ অন্তৰ্গত বিভিন্ন চক্ৰৰ গৰিষ্ঠ সংখ্যক  অঙ্গনৱাদী কৰ্মী ,মুখ্য সেৱিকা মিনু দাস,ব্লক সমন্বয়ক সত্যজিৎ সোণোৱাল , পৰিসংখ্যা সহায়ক পংকজ কুমাৰ চৌধুৰীৰ উপস্থিতিত  ঢকুৱাখনা নগৰৰ গান্ধী মৈদানৰ সন্মুখত ৰাইজৰ মাজত  মূল্যবান ফলৰ গছপুলি বিতৰণেৰে সজাগতা সভাৰ শুভ উদ্ধোধন কৰে ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া তথা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত মাচি তপ্নই।  ৰাইজৰ মাজত এই আঁচনিৰ সজাগতা বৃদ্ধিৰ বাবে প্ৰচাৰ পুস্তিকা  , হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া সন্দৰ্ভত ৰাইজক দীৰ্ঘ সময় ধৰি অৱগত কৰে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.