ভাৰতবৰ্ষৰৰ প্ৰত্যেক গৰাকী নাগৰিকৰ প্ৰতিটো ঘৰেই বৈদ্যুতিক সংযোগেৰে আলোকিত কৰাৰ মহান লক্ষ্যৰে প্ৰৱৰ্তন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনমুখী আৰু ব্যয়বহুল যোজনা দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা। এই জনদায়বদ্ধ যোজনাৰ অধীনত বিগত ৫ বছৰ ধৰি সমগ্ৰ অসম জুৰি বিদ্যুৎ সংযোগ নোহোৱা ঘৰ তথা গাঁও সমূহত বিদ্যুৎ সংযোগ প্ৰদানৰ ব্যাপক কাৰ্যসূচী হাতত লৈছে ৰাজ্যখনৰ শক্তি বিভাগে। শেহতীয়াকৈ ৰাজ্যখনৰ বৈদ্যুতিক সেৱা লাভৰ পৰা বঞ্চিত প্ৰায় ৪ লাখ ৮০ হাজাৰ পৰিয়ালকো কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰী বৈদ্যুতিকৰণ আঁচনিৰ আধাৰত উপকৃত কৰাৰ ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে ৰাজ্যখনৰ শক্তি মন্ত্ৰণালয়ে। কেৱল বিভাগীয় বিষয়া কৰ্মচাৰীৰ হাতত এই অভিলাসী আঁচনিৰ সফল ৰূপায়নৰ দায়িত্ব এৰি নিদি ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী বিমল বৰাই নিজেও দিবা নৈশ একাকাৰ কৰি ,প্ৰতিকূল বতৰকো উপেক্ষা কৰি এই ৰূপায়িত আঁচনিৰ স্বচক্ষে পৰিদর্শনত নামি পৰিছে। অহা ২৮ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত এই আঁচনিৰ কাম সফল সমাপ্তিৰ অন্তিম দিন হিচাবে নিৰ্ধাৰণ কৰি শক্তি মন্ত্ৰী বৰাই এই আঁচনিৰ অগ্ৰগতি পৰিদৰ্শনৰ বাবে শনিবাৰে পুৱতি নিশা হঠাৎ উপস্থিত হয় ঢকুৱাখনা মহকুমাত। মন্ত্ৰী বৰাই মাজুলীৰ পৰা শনিবাৰে পুৱতি নিশা প্ৰায় ৪ -২০ বজাত ঢকুৱাখনা মহকুমাত উপস্থিত হৈ মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰা বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত ৰূপায়িত “দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা”ৰ কামৰ থলীলৈ গৈ সামগ্ৰিক অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ সহকাৰী মুখ্য প্ৰবন্ধক গকুল দলে , লখিমপুৰ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া অমৰজিত শৰ্মা সহ অন্যান্য বিষয়াই সহযোগিতা আগবঢ়োৱা শক্তিমন্ত্ৰী গৰাকীৰ আকস্মিক পৰিদর্শন কালত মন্ত্ৰী বৰা ঢল পুৱাতে উপস্থিত হয় মহকুমাটোৰ সোনাৰী চাপৰি ভকতবাৰী আৰু সোনাৰী চাপৰি এন চি গাঁওত অৱস্থিত আঁচনিস্থলীত। বিভাগীয় কামৰ অগ্ৰগতি পৰিদর্শন কৰি বিভাগীয় শীর্ষ বিষয়া সকলক আঁচনি ৰূপায়নত হেমাহী নকৰিবলৈ নিৰ্দেশ দি মন্ত্ৰী বৰাই দোকমোকালিতে কেইবাটাও পৰিয়ালৰ গৃহত টোকৰ দি নিদ্ৰাৰত পৰিয়ালৰ সদস্যক মুখলধাৰ বৰষুণৰ পাছতো শেতেলীৰ পৰা উঠাই গৃহত প্ৰৱেশ কৰি বিভাগীয় নিৰন্তৰ সেৱা লাভ কৰা সন্দৰ্ভত মতামত গ্ৰহণ কৰে। এইখন চৰকাৰৰ দিনত প্ৰতিখন গাঁওৰ প্ৰতিটো পৰিয়ালে বিদ্যুৎ সেৱা লাভ কৰিবই বুলি নিশ্চয়তা প্ৰদান কৰি মন্ত্ৰী বৰাই পৰিয়াল সমূহৰ এয়া প্ৰাপ্য বুলি মন্তব্য কৰে। পাছত দুৰ্গম পথকো উপেক্ষা কৰি মন্ত্ৰী বৰাই ধেমাজি জিলাৰ গোগামুখৰ মিংমাং ঘাচি পথাৰ গাঁওত উপস্থিত হৈ এই আঁচনিৰ অগ্ৰগতিৰ বুজ লয় আৰু স্থানীয় নাগৰিকৰ সৈতে মত বিনিময় কৰে । শক্তি মন্ত্ৰী বৰাই ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰতিটো ঘৰ আৰু প্ৰতিটো পৰিয়াললৈ বিদ্যুৎ সেৱা যোগান ধৰিবই বুলি মন্তব্য কৰি এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ২২ লাখ পৰিয়াল উপকৃত হোৱা বুলি কৈ অতিৰিক্ত ৪লাখ ৮০ হাজাৰ পৰিয়াল চলিত মাহৰ ভিতৰত উপকৃত হব আৰু এইয়া ৰাজ্য চৰকাৰৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য বুলি ” এন ই ফ`কাছক জানিবলৈ দিয়ে । উল্লেখ্য যে ঢকুৱাখনা উন্নয়ন খণ্ডৰ মুঠ ৪৪ খন আৰু ঘিলামৰা উন্নয়ন খণ্ডৰ মুঠ ৪৮ খন সহ সৰ্বমুঠ ৯২ খন এনে আঁচনি মহকুমাটোত সন্তোষজনক অগ্ৰগতিৰে ৰূপায়িত হৈ আছে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।