তিনিচুকীয়া জিলাৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

0 224

তিনিচুকীয়া জিলাৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰা উদ্দেশ্যেৰে আজি সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত তিনিচুকীয়া জিলাৰ উপায়ুক্ত সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।বৈঠকত ক’ভিড সংক্ৰমণ আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে বিতংভাৱে বুজ লয় মুখ্যমন্ত্ৰীয়ে।জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলে ক’ভিড পৰিস্হিতি নিয়ন্ত্ৰণ আৰু ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ মাজত জনসচেতনতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।মুখ্যমন্ত্ৰীয়ে পঞ্চায়তৰ প্ৰতিনিধি,খণ্ড উন্নয়ন বিষয়া,গাওঁবুঢ়া আৰু স্বেচ্ছাসেৱী সংগঠন সমূহক লৈ তৃণমূল পৰ্যায়ত স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত জনসচেতনতা সৃষ্টি কৰিবলৈ কয়।মুখ্যমন্ত্ৰীয়ে প্ৰয়োজন সাপেক্ষে ৰাইজ আতংকিত নোহোৱাকৈ স্বাস্থ্য বিভাগৰ নীতি- নিৰ্দেশনা সমূহ মাইক যোগে প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈও জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে।তিনিচুকীয়া এক বাণিজ্যিক চহৰ বুলি উল্লেখ কৰি কয় যে এই তিনিচুকীয়ালৈ ৰাজ্যৰ বাহিৰৰ পৰা সামগ্ৰী কঢ়িয়াই অসংখ্য ট্ৰাক আহে।ট্ৰাকৰ ড্ৰাইভাৰ আৰু ইয়াৰ কৰ্মচাৰী সকলৰ ক’ভিড পৰীক্ষা কৰাৰ গুৰুত্ব আৰোপ কৰে।মুখ্যমন্ত্ৰীয়ে বজাৰ এলেকা সমূহত জন সচেতনতা সৃষ্টি কৰাৰ লগতে পৰীক্ষা কৰাৰো পদক্ষেপ ল’বলৈ কয়।বিমান যাত্ৰী আৰু ৰেল যাত্ৰী সকলৰ ক’ভিড পৰীক্ষা কৰাৰ বাবেও নিৰ্দেশ দিয়ে।লগতে ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত জন সচেতনতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।ক’ভিড ৰোগীৰ চিকিৎসা বাবে বিচনা,অক্সিজেন চিলিণ্ডাৰ ইত্যাদি মজুত ৰখাৰ বাবেও নিৰ্দেশ দিয়ে।ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া অসাময়িক চিকিৎসালয়লৈ গৈ ক’ভিড সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বুজ লয়।
মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনা সমূহ মানি বিহু উদযাপন কৰিবলৈ আয়োজক আৰু শিল্পী সকলক আহ্বান জনায়।বিহু উদযাপনৰ বাবে যাতে কোনেও সংক্ৰমণৰ বলি নহয় এই দিশটো গুৰুত্ব আৰোপ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।এই বৈঠকত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,সাংসদ তপন গগৈ,জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক,স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.