মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ বিভাগক পথ সুৰক্ষাৰ দিশত চালক, যাত্ৰী , ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ সমান্তৰালভাৱে ৰাজহ সংগ্ৰহৰ দিশটোতো মনোনিবেশ কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ৰাজ্যৰ সকলো জিলা পৰিবহণ বিষয়াক ( ডি টি অ ) পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে হাতে কামে নামি পৰিবলৈ ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ নিৰ্দেশনা দিছে । তেনেদৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা নাথাকে তাৰ বাবেও বিষয়ে অভিযান চলাবলৈ আহ্বান জনাইছে । মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্রীৰ নিৰ্দেশ অনুসৰি গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে জিলাখনত পঞ্জীয়নভুক্ত ব্যক্তিগত আৰু ব্যৱসায়ীকসহ সকলো যান বাহনৰ গৰাকীক অহা ৩০ ছেপ্টেম্বৰ ভিতৰত যাবতীয় কৰ , বকেয়া কৰ আদায় দিবলৈ অনুৰোধ জনায় গুৱাহাটীৰ বিভিন্ন ৰাজহুৱা স্থানত হৰ্ডিং স্থাপন কৰি আহ্বান জনাইছে । জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে যান বাহনৰ যিসকল গৰাকীয়ে বিভাগক দিবলগীয়া বকেয়াসহ যাবতীয় কৰ আদায় দিয়া নাই , তেওঁলোকৰ লগতে পঞ্জীয়ন পত্ৰ নবীকৰণ , সক্ষমতাৰ প্ৰমাণ পত্ৰ নবীকৰণ আৰু গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ নবীকৰণ নকৰা গৰাকী সকলকো নবীকৰণ কৰি যাবতীয় কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে । আনকি এই সন্দৰ্ভত গোহাঁৰি যোগে জাননী জাৰি কৰা হৈছে । গৰাকী সকলে কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত এ টি এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব । আনকি অনলাইন ব্যৱস্থা অৰ্থাৎ এন ই এফ টি , আৰ চি জি বা ই চি এছ পদ্ধতিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব । ইতিমধ্যে বিভাগৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি সমুহ কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টা , অনাদায়ী বাহনৰ গৰাকী আৰু ৰাজহ ফাঁকি দি বাহনৰ বা পৰিবহণ খণ্ডৰ ব্যৱসায় কৰা কোম্পানীৰ বিৰুদ্ধে ক’ভিডৰ ভয়াবহতাৰ মাজতো চলোৱা বিশেষ অভিযানত বিভাগে বহু সফলতা লাভ কৰিছে । যাৰ বাবে চলিত ২০২১ – ২২ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ আগষ্টলৈ বিগত পাঁচ মাহত অভিলেখ পৰিমাণৰ ৭৭ কৌটি টকাতকৈও অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা হৈছে । অৱশ্যে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত যাবতীয় কৰ আদায় নিদিলে পহিলা অক্টোবৰৰ পাছত কৰ আদায় নিদিয়া যান বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে পুনৰ বিশেষ অভিযান আৰম্ভ কৰিব । আনহাতে জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি ক`ভিড কেন্দ্ৰীক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত পৰিবহন ব্যৱস্থাটো সম্প্ৰতি ঠন ধৰি উঠিছে । যাৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সৱল কৰি তোলাৰ ক্ষেত্ৰত যান বাহনৰ কৰ পৰিশোধ কৰাটো গৰাকী সকলৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য । ৰাজ্যখনৰ অৰ্থনীতি বুনিয়াদ গঢ়াত যান বাহনৰ গৰাকী সকলে যথেষ্ঠ অৱদান আগবঢ়াই আহিছে । আনহাতে পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ লগতে “দুৰ্ঘটনামুক্ত অসম” গঢ়াৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্ৰীয়ে দিয়া নিৰ্দেশনাৰ আধাৰত জিলা পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা গুৱাহাটীৰ ৰাজহুৱা তথা গুৰুত্বপূৰ্ণ স্থান সমূহত সকলোৰে দৃশ্যমান হোৱাকৈ ” তীব্রগতি পৰিহাৰ কৰি নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰক” বাণীৰে হৰ্ডিং , বেনাৰ স্থাপন কৰা হৈছে বুলি জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিবৰ দায়িত্বত থকা ডি টি অ গৌতম দাসে জানিবলৈ দিছে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান