মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ বিভাগক পথ সুৰক্ষাৰ দিশত চালক, যাত্ৰী , ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ সমান্তৰালভাৱে ৰাজহ সংগ্ৰহৰ দিশটোতো মনোনিবেশ কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ৰাজ্যৰ সকলো জিলা পৰিবহণ বিষয়াক ( ডি টি অ ) পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে হাতে কামে নামি পৰিবলৈ ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ নিৰ্দেশনা দিছে । তেনেদৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা নাথাকে তাৰ বাবেও বিষয়ে অভিযান চলাবলৈ আহ্বান জনাইছে । মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্রীৰ নিৰ্দেশ অনুসৰি গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে জিলাখনত পঞ্জীয়নভুক্ত ব্যক্তিগত আৰু ব্যৱসায়ীকসহ সকলো যান বাহনৰ গৰাকীক অহা ৩০ ছেপ্টেম্বৰ ভিতৰত যাবতীয় কৰ , বকেয়া কৰ আদায় দিবলৈ অনুৰোধ জনায় গুৱাহাটীৰ বিভিন্ন ৰাজহুৱা স্থানত হৰ্ডিং স্থাপন কৰি আহ্বান জনাইছে । জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে যান বাহনৰ যিসকল গৰাকীয়ে বিভাগক দিবলগীয়া বকেয়াসহ যাবতীয় কৰ আদায় দিয়া নাই , তেওঁলোকৰ লগতে পঞ্জীয়ন পত্ৰ নবীকৰণ , সক্ষমতাৰ প্ৰমাণ পত্ৰ নবীকৰণ আৰু গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ নবীকৰণ নকৰা গৰাকী সকলকো নবীকৰণ কৰি যাবতীয় কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে । আনকি এই সন্দৰ্ভত গোহাঁৰি যোগে জাননী জাৰি কৰা হৈছে । গৰাকী সকলে কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত এ টি এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব । আনকি অনলাইন ব্যৱস্থা অৰ্থাৎ এন ই এফ টি , আৰ চি জি বা ই চি এছ পদ্ধতিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব । ইতিমধ্যে বিভাগৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি সমুহ কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টা , অনাদায়ী বাহনৰ গৰাকী আৰু ৰাজহ ফাঁকি দি বাহনৰ বা পৰিবহণ খণ্ডৰ ব্যৱসায় কৰা কোম্পানীৰ বিৰুদ্ধে ক’ভিডৰ ভয়াবহতাৰ মাজতো চলোৱা বিশেষ অভিযানত বিভাগে বহু সফলতা লাভ কৰিছে । যাৰ বাবে চলিত ২০২১ – ২২ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ আগষ্টলৈ বিগত পাঁচ মাহত অভিলেখ পৰিমাণৰ ৭৭ কৌটি টকাতকৈও অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা হৈছে । অৱশ্যে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত যাবতীয় কৰ আদায় নিদিলে পহিলা অক্টোবৰৰ পাছত কৰ আদায় নিদিয়া যান বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে পুনৰ বিশেষ অভিযান আৰম্ভ কৰিব । আনহাতে জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি ক`ভিড কেন্দ্ৰীক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত পৰিবহন ব্যৱস্থাটো সম্প্ৰতি ঠন ধৰি উঠিছে । যাৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সৱল কৰি তোলাৰ ক্ষেত্ৰত যান বাহনৰ কৰ পৰিশোধ কৰাটো গৰাকী সকলৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য । ৰাজ্যখনৰ অৰ্থনীতি বুনিয়াদ গঢ়াত যান বাহনৰ গৰাকী সকলে যথেষ্ঠ অৱদান আগবঢ়াই আহিছে । আনহাতে পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ লগতে “দুৰ্ঘটনামুক্ত অসম” গঢ়াৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্ৰীয়ে দিয়া নিৰ্দেশনাৰ আধাৰত জিলা পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা গুৱাহাটীৰ ৰাজহুৱা তথা গুৰুত্বপূৰ্ণ স্থান সমূহত সকলোৰে দৃশ্যমান হোৱাকৈ ” তীব্রগতি পৰিহাৰ কৰি নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰক” বাণীৰে হৰ্ডিং , বেনাৰ স্থাপন কৰা হৈছে বুলি জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিবৰ দায়িত্বত থকা ডি টি অ গৌতম দাসে জানিবলৈ দিছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি