অসমকে ধৰি উত্তৰ পূৱৰ অন্যতম ব্যস্ত অঞ্চল হিচাপে পৰিচিত দিছপুৰ ছুপাৰ মাৰ্কেটত নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন অহা ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰিব। ইতিমধ্যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাসে নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে ৩১ অক্টোবৰত সেঁতুখনৰ নিৰ্মাণ কার্য সম্পূৰ্ণ কৰি লোক নিৰ্মাণ বিভাগক চমজাই দিছে। ইফালে উৰণীয়া সেঁতুৰ নিৰ্মাণ কৰাৰ সময়ত কাৰিকৰী কাৰণত অস্থায়ীভাবে স্থানান্তৰ কৰিব লগীয়া হোৱা দিছপুৰ ছুপাৰ মাৰ্কেটৰ ট্ৰেফিক পইণ্টৰ সমীপৰ পুৰণি শিৱলিংগটো পুনৰ যথাস্থানত এটা সৰুকৈ মন্দিৰ আকৃতিৰ গৃহ নিৰ্মাণ কৰি স্থাপন কৰা হৈছে । আজি সন্ধিয়া উৰণীয়া সেঁতুৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাসে যাবতীয় পূজা অৰ্চনা কৰাৰ পাছত উৰণীয়া সেঁতুৰ তলত নিৰ্মাণ কৰা উদ্যানত শিৱলিংগটো স্থাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, সহকাৰী কাৰ্যবাহী অভিযন্তাত্ৰয় প্ৰাণজিত তালুকদাৰ, বিশ্বজিৎ কলিতা আৰু বন্দনা শইকীয়া, উৰণীয়া সেঁতু নিৰ্মাণ কার্যৰ লগত জড়িত কেবাজনো লোক উপস্থিত থাকে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls