পোহৰৰ উৎসৱ দীপান্বিতাৰ দিনাখনে অৰ্থাৎ ১২ নৱেম্বৰত কামৰূপ মহানগৰ জিলাৰ দিশপুৰ সমষ্টিৰ অধীনৰ চাহ জনজাতি অধ্যূষ্ঠিত কুৰকুৰীয়া গাঁৱত ডা: নৱ গোস্বামী ফাউণ্ডেশ্যন আৰু হেল্প এইড ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত পণ্ডিত হেমচন্দ্ৰ গোস্বামী পূৰ্ণ স্বাক্ষৰতা অভিযান নামেৰে এক প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়।মহানগৰীৰ গাতে লাগি থকা কুৰকুৰীয়া গাঁৱত শিক্ষাৰ হাৰ বৰ্তমান ৪০শতাংশৰ পৰা ১০০ শতাংশ কৰাৰ এক মহান লক্ষ্য আৰু উদ্দেশ্যে আগত ৰাখিয়েই এই পূৰ্ণ স্বাক্ষৰতা অভিযানৰ শুভাৰম্ভ কৰা হৈছে।এই উপলক্ষে কুৰকুৰীয়াস্থিত হেল্প এইড ফাউণ্ডেশ্যনৰ কাৰ্যলয়ৰ বাকৰিত এখনি সভা অনুষ্ঠিত হয়।ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অঞ্জুলিনা চৌধুৰীয়ে আঁত ধৰা সভাখনিত ইংলেণ্ড নিবাসী বিশিষ্ট চিকিৎসক, সমাজকৰ্মী, সাহিত্যিক ডা: জয়ন্ত বিশ্ব শৰ্মাই কয়-শিক্ষাৰ গুৰুত্ব অপৰিসীম।প্ৰতিজন মানুহে শিক্ষিত হ’লেহে কুসংস্কাৰ, অন্ধবিশ্বাস সমাজৰ পৰা আঁতৰি যাব।নিকা হ’ব চৰকাৰ, প্ৰশাসনৰ পৰা আৰম্ভ কৰি সৰ্বদিশে।শিক্ষা থাকিলে পৃথিৱী জয় কৰিব পাৰি ।ৰাজ্যৰ এজন উচ্চ প্ৰদস্থ আৰক্ষী বিষয়া,কবি তথা সাহিত্যিক পাৰ্থ সাৰথি মহন্তই বিশিষ্ট অতিথিৰ ভাষণত কয়- পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া ভাষা-সাহিত্যলৈ অৱদান অন্যন্য।তেওঁৰ ওচৰত অসমীয়া জাতি ঋণী হৈ আছে। এইজনা মহান অসমীয়াৰ নাতি ডা: নৱ গোস্বামীয়ে লোৱা যোগাত্মক চিন্তাৰ কৰ্মই জাতিটোক সমৃদ্ধিশালী কৰিব । কুৰকুৰীয়া গাঁৱ এদিন পূৰ্ণ স্বাক্ষৰ হৈ উঠিব।ডা: নৱ গোস্বামী ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা আমেৰিকা নিবাসী ডা: নৱ গোস্বামীয়ে নিজে সভাত উপস্থিত থাকি কয়- তেওঁৰ ককাৰ আধৰুৱা কামবোৰ, সপোনবোৰ বাস্তৱ ৰূপায়ন কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব।” অনুষ্ঠানত ডা: বনজিৎ চৌধুৰী, পল্লৱী গোস্বামী, ৫৬নং ডিগাৰু গাঁৱ পঞ্চায়তৰ সভাপতি মিনু মিথিয়া, গাঁওবুঢ়া বৈকুণ্ঠ নাথে অংশ লৈ শিক্ষাৰ মূল্য, ইয়াৰ প্ৰয়োজনীয়তা, সমাজ নিৰ্মাণত শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে কোৱাৰ লগতে স্বেচ্ছাসেৱী অনুষ্ঠানদুটিয়ে লোৱা প্ৰদক্ষেপক শলাগ লয়।হেল্প এইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ অঞ্জুলিমা চৌধুৰীয়ে জানিব দিয়া মতে- কুৰকুৰীয়া গাঁৱক এবছৰৰ ভিতৰত যিকোনো বিনিময়ত পূৰ্ণ স্বাক্ষৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে ইয়াৰ পৰাই একো-একোজন বিশিষ্ট নাগৰিক হিচাপে গঢ়ি তুলিব।
Trending
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ