যি সময়ত একাংশ নিবনুৱাই কাম বিচাৰি বৰ্হি ৰাজ্যলৈ গৈছে সেই সময়তে খাৰুপেটীয়াৰ এজন যুৱকৰ কৃষি কৰ্মই বিশেষ চৰ্চা লাভ কৰিছে। খাৰুপেটীয়াৰ হবিবুৰ ৰহমান নামৰ যুৱকজনে জৈৱিক ভাবে কৃষি পদ্ধতি আৰম্ভ কৰিছে। প্ৰায় ২০বিঘা মাটিত বিভিন্ন পাচলিৰ খেতি কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলৰ নৱপ্ৰজন্মৰ মাজত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বৰ্তমান হবিবুৰৰ কৃষিভূমিত বিভিন্ন পাচলিৰ লগতে নেমু, মাকৈ, অমিতা, কেপচিকাম আদি আছে।
হবিবুৰৰ পাচলি গুৱাহাটীৰ বিভিন্ন বজাৰত পোৱা যায়। ইয়াৰ উপৰিও অনলাইনত দুবৰি নামৰ এটা এপৰ জৰিয়তেও হবিবুৰৰ পাচলি বিক্ৰী হয়। এই সম্পৰ্কত হবিবুৰে এনেদৰে কয় …নিজেই ঘৰতে প্ৰস্তুত কৰা কেচুসাৰ, সেউজ সাৰ ব্যৱহাৰ কৰি খেতি কৰো। এই সম্পৰ্কে সময়ে সময়ে জিলা কৃষি বিষয়াৰ পৰা পৰামৰ্শ গ্ৰহণ কৰো। খেতিৰ জৰিয়তে এনেদৰে স্বাৱলম্বী হোৱা দেখা পাই গাঁৱৰ বহু যুবকে মন মেলিছে। খেতি কৰাৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। উল্লেখযোগ্য যে হবিবুৰে কৃষি বিষয়াৰ পৰামৰ্শ অনুযায়ী খেতি কৰা পদ্ধতি সলনি কৰা বাবে লাভবান হৈ পৰিছে। সেয়েহে হবিবুৰৰ কৃষিকৰ্ম হাজাৰজনৰ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।
আজিৰ পৰা এবছৰ আগৰ কথা। তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী। লখিমপুৰত প্ৰকৃতিৰ সজাগতাৰ সম্পৰ্কে এখন ট্ৰেইনে প্ৰচাৰ চলাইছিল। যি প্ৰচাৰ কাৰ্য্যই শ্যামলী নাথ নামৰ কিশোৰী গৰাকীৰ মনত বহুতো কথাই ক্ৰিয়া কৰিছিল। মনত গাঢ় ভাবে থিতাপি লৈছিল এটা বাক্য। বাক্যটো আছিল গছ-গছনি থাকিলেহে পৃথিৱী থাকিব। গছ-গছনি ৰোপন আৰু সংৰক্ষণ কৰা উচিত।
সময় বাগৰিল। সময়ৰ চাকনৈয়াত শ্যামলীয়ে বহু দৃশ্য দেখিলে। শ্যামলীয়ে দেখিলে যে কিদৰে হাবি জংঘল ধ্বংস কৰাৰ ফলশ্ৰুতিত খহনীয়া হৈছে অথবা বায়ু প্ৰদুষিত হৈছে৷ শ্যামলীয়ে পণ ল’লে গছ-গছনি ৰোপন কৰিব। এই কথাটো দেউতাকক কোৱাত দেউতাকে সন্মতি প্ৰদান কৰিলে। কেইজনমান সমাজকৰ্মী আৰু দেউতাকৰ সহযোগত শ্যামলীয়ে অলপতে নিজৰ স্কুলত প্ৰায় ৩৫ জোপা গছৰ পুলি ৰোপন কৰিছে। লখিমপুৰ জিলাৰ বাধাকৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী শ্যামলীৰ এনে পদক্ষেপত সকলোৱে উৎসাহিত হৈ সহযোগ কৰিছে। জানিব পৰা মতে শ্যামলীয়ে অনাগত দিনতো বিভিন্ন স্কুল কলেজত গছপুলি ৰোপন কৰিব। শ্যামলীয়ে গ্ৰহণ কৰা এনে পদক্ষেপক লৈ সচেতন মহলত চৰ্চা আৰম্ভ হৈছে।
প্ৰিয় পাঠক আজি আগবঢ়োৱা দুটা খবৰ কেনে পালে জনাবলৈ নাপাহৰিব। এনে ধৰণৰ ইতিবাচক খবৰ যদি আছে আমালৈ লিখিব পাৰে। আমাৰ ইমেইল [email protected].