মেডিয়া ফেল’ শ্বিপ প্ৰদানৰ অনুষ্ঠান

1 419

সাংবাদিক সকলৰ বৃত্তিগত কৌশল বৃদ্ধি তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে তথ্য আৰু জনসংযোগ বিভাগে অনুষ্ঠিত কৰিছে মেডিয়া ফেল’শ্বিপৰ ব্যৱস্থা অসমৰ বিভিন্ন প্ৰান্তৰ ২৹ গৰাকী সাংবাদিকক মেডিয়া ফেল’শ্বিপৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোক হ’ল পুলক কুমাৰ ডেকা, বাবুল কুমাৰ বৰুৱা, শাংকৱ কৌশিক বৰুৱা, নয়ন প্ৰতীম কুমাৰ, উৎপল ভাগৱতী, কৌস্তব কাকতি, প্ৰণৱ জ্যোতি ফুকন, বন্যা বৰুৱা, চিত্ৰলেখা বৰুৱা, সুষ্মিতা গোস্বামী, আছিফ ইব্ৰাহিম, মঞ্জু বৰা, অনুপ শৰ্মা, হীৰেণ শৰ্মা, ধ্ৰুৱজ্যোতি বৰুৱা, বিজয় শংকৰ বৰা, বিপুল বৰ্মন, মুনীন্দ্ৰ শইকীয়া, ৰুবী দাস আৰু গীতালি শইকীয়া।

উল্লেখযোগ্য যে এইকেইজন সাংবাদিকক আজি কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত সম্বৰ্দ্ধনা জনা। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যখনক আগুৱাই নিবলৈ হ’লে গণতন্ত্ৰৰ ৪টা স্তম্ভই দায়িত্ব সহকাৰে কৰ্তব্য পালন কৰিব লাগিব। তেহে দেশৰ উন্নতি সম্ভৱ। আনহাতে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে সাংবাদিক সকলৰ সবল ভূমিকাৰ কথা উল্লেখ কৰাৰ লগতে সাংবাদিকৰ ভ্ৰমণ কাৰ্য্যসূচীয়ে উৎসাহিত কৰাৰ কথা জানিবলৈ দিয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজস্থান ভ্ৰমণলৈ যোৱা ২৹ গৰাকী সাংবাদিককো সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰী সকলৰ অন্তৰংগ নামৰ এখন আলোচনী উন্মোচন কৰে। এই অনুষ্ঠানত বহুকেইজন সাহিত্যিক, সাংবাদিকৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

1 Comment
  1. দিগন্ত বুঢ়াগোহাঁই says

    হচৰকাৰী ভাল পদক্ষেপ, সাংবাদিক সকল কিছু উপকৃত হব।

Leave A Reply

Your email address will not be published.