The National Film Development Corporation of India চমুকৈ NFDC য়ে শেহতীয়াকৈ ১৪ সংখ্যক চিত্ৰনাট্যকাৰ গৱেষণা গাৰৰ বাবে বাচনি হোৱা প্ৰকল্প সমূহ ঘোষণা কৰিছে।এই সন্মানীয় অনুষ্ঠানৰ বাবে ৮ টা প্রকল্প ভিতৰত অসম মূলৰ দুজন চলচিত্ৰ নির্মাতাই প্ৰকল্পত স্থান পাইছে। স্থান পোৱা ব্যক্তি সকলৰ ভিতৰত উৎপল বৰ পূজাৰী আৰু প্ৰকাশ ডেকা অন্যতম।উল্লেখযোগ্য যে উৎপল বৰ পূজাৰী এণ্ড আনৰিয়েল ষ্টৰী আৰু প্ৰকাশ ডেকাৰ গছ কটা মানুহে এই তালিকাত স্থান পাইছে। এই খবৰ জানি প্ৰতিষ্ঠিত সমালোচক তথা চলচিত্ৰ নির্মাতা উৎপল বৰ পূজাৰীয়ে টুইটাৰত এনেদৰে মত প্ৰকাশ কৰে যে মই অতিশয় আনন্দিত হৈছো। এটা সত্য ঘটনা ওপৰত আধাৰিত মনোজ কুমাৰ গোস্বামী পৰিচালিত মোৰ চিত্ৰনাট্য এণ্ড আনৰিয়েল ষ্টৰি এই সন্মানৰ বাবে মনোনীত হৈছে।আনহাতে প্ৰকাশ ডেকায়ো আনন্দ প্ৰকাশ কৰি কয় – NSFDC ৰ এই স্বীকৃতি মোৰ বাবে প্ৰথম।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান