দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ উৎসৱ অনুষ্ঠানৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি

0 211

১৯২২ চনত স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠা লাভ কৰা অবিভক্ত নগাঁও জিলাৰ স্বাস্থ্য সেৱাৰ একমাত্ৰ প্ৰতিষ্ঠানখন হৈছে জাজৰি ৰাজ্যিক চিকিৎসালয়।চলিত বৰ্ষত চিকিৎসালয় খনিয়ে গৌৰৱময় শতবৰ্ষত উপনীত হৈছে। এই গৌৰৱোজ্জ্বল শতবৰ্ষ উৎসৱ অনুষ্ঠানটো অহা ১৮ আৰু ১৯ নৱেম্বৰত জাজৰি ৰাজ্যিক চিকিৎসালয় আৰু দক্ষিণ জাজৰি স্থিত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে। দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া শতবৰ্ষ উৎসৱৰ কাৰ্যসূচী অনুসৰি ১৮ নৱেম্বৰৰ পুৱা জাজৰি ৰাজ্যিক চিকিৎসালয় প্ৰাংগণত পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ উৎসৱ উদযাপন সমিতিৰ সভাপতি আবুল খায়েৰ আহমেদে, স্মৃতি তৰ্পন কৰিব কাৰ্যকৰী সভাপতি মিন্টু কোঁৱৰে।১০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট শিক্ষাবিদ হেমচন্দ্ৰ তামুলী, সমাজকৰ্মী মহেন্দ্ৰ মহন্ত আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টিকেন্দ্ৰ নাথ মেধিয়ে।১০.৩০ বজাত চিকিৎসা শিবিৰ মুকলি কৰিব দলংঘাট আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডা: উৎপল কুমাৰ মহন্তই।১৯ নৱেম্বৰৰ পুৱা ৯.০০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা: অতুল চন্দ্ৰ পাটৰে।তাৰ পিছতে ১০.৩০ বজাত জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ স্থায়ী তোৰণ উদ্ঘাটন কৰিব নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে। ১১ বজাত মুকলি সভা উদ্বোধন কৰিব অসম চৰকাৰৰ মূখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই আৰু মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।সভাত “শতজ্যোতি” শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নগাঁও সদৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। সন্ধ্যা ৭ বজাত সম্বৰ্ধনা আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী ৰমেশ বৰদলৈয়ে।জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ উৎসৱ অনুষ্ঠানটিৰ কাৰ্যসূচী খনি বুধবাৰে এখন সংবাদ মেলৰ জৰিয়তে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। কাৰ্যসূচী মুকলি কৰি শতবৰ্ষ উৎসৱ উদযাপন সমিতিৰ হৈ সাধাৰণ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে আগন্তুক ১৮ আৰু ১৯ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ উৎসৱৰ সকলো কাৰ্যসূচীতে অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.