দেউছটালৰ বিহুতলীত চাফাই অভিযান

0 149

গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটালৰ নবজ্যোতি সংঘ খেলপথাৰত বিগত বছৰৰ দৰে এইবেলিও দেউছটাল ৰঙালী বিহু সন্মিলনীয়ে যোৱা ৬ আৰু ৭ মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৫ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰে।৬ মে’ত পূৱা ৮ বজাত পতাকা উত্তোলনৰে বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিহু উদযাপন সমিতিৰ সভাপতি অশোক থাপাই।

তেনেদৰে বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত থলুৱা পৰম্পৰাগত খেলধেমালি উদ্ধোধন কৰে আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে। সন্ধিয়া ৭ বজাৰ পৰা বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। আনহাতে ৭ মে’ৰ দ্বিতীয় তথা শেহৰ দিনা পুৱা ১০.বজাৰ পৰা খেলধেমালি প্ৰতিযোগিতা সমুহ অনুষ্ঠিত হয় । সন্ধিয়া অনুষ্ঠিত বটা বিতৰণী সভাত বিজয়ী প্ৰতিযোগী সকলক বটা সমুহ বিতৰণ কৰা হয় । তাৰ পাছত নিশা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। দুয়োটা দিনতে নিশাৰ সাংস্কৃতিক কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী অংকুৰ তনয় , ভৃগু কাশ্যপকে ধৰি কেবাজনো শিল্পীয়ে সংগীত , বিহু হুঁচৰি , কাৰ্বি , বাগৰুম্বা , ৰাভা , তিৱাকে ধৰি জনগোষ্ঠীয় শিল্পীৰ দলে নৃত্য পৰিৱেশন কৰে। আনহাতে ৰঙালী বিহুৰ দুয়োটা দিনতে নিশাৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ খেলপথাৰত হাজাৰ হাজাৰ লোকৰ সমাগম হয়।ইফালে হাজাৰ হাজাৰ লোকৰ সমাগম হোৱাৰ পৰিপ্ৰেক্ষিতত খেলপথাৰখনত স্বাভাৱিকতে আৱৰ্জনা ভৰি পৰে।আজি দিনৰ ভাগত দেউছটাল নবজ্যোতি সংঘৰ সভাপতি অাৰু ৩৫ সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰো সভাপতিৰ দায়িত্বত থকা বলেশ্বৰ ৰংপীৰ নেতৃত্বত উদযাপন সমিতিৰ সম্পাদক বিজয় বড়ো , সহকাৰী সম্পাদক জিতেন ৰংপী ,উপ সভাপতি সুশীল থাপা,কাৰ্যকৰী সদস্য ভূপেন ৰংপী ,দ্বীপেন ৰংচাল,বাবুল দাসে হাতে হাতে ঝাৰু,কোৰ,কোদাল লৈ সমগ্ৰ খেলপথাৰত সিচৰিত হৈ পৰি থকা জাবৰ -জোথৰ, আৱৰ্জনা , প্লাষ্টিক, পলিথিন,কাগজৰ টুকুৰা আদি চাফ – চিকুণ কৰাৰ বাবে এক বৃহৎ চাফাই অভিযান চলায়।চাফাই অভিযানৰ অন্তত আবৰ্জনা সমূহ জ্বলাই দিয়া হয় ।

Leave A Reply

Your email address will not be published.