আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে দেশভক্তি দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত উপায়ুক্ত বিশ্বজিৎ পেগুৱে পোনপ্ৰথমে বন্তি প্ৰজ্বলন কৰে আৰু দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে। অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ আদি উপস্থিত থকা এই অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে বক্তৃতা প্ৰদান কৰি জিলা উপায়ুক্তগৰাকীয়ে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰে সকলোকে দেশৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে অসম চৰকাৰৰ কেবিনেটৰ দ্বাৰা গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰতিবছৰে তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসটো ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰত দেশভক্তি দিৱস হিচাপে পালন কৰা হ’ব। বুধবাৰে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাবে দেশভক্তি দিৱস পালন কৰা হৈছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই