মহানগৰীৰ ধাৰাপুৰ জঙ্গৰাবৰীস্থিত শ্ৰী শ্ৰী শ্যামৰায় নামঘৰৰ বাৰ্ষিক হোমাহুতি ১১ আগষ্টত এক ধর্মীয় পৰম্পৰাৰে অনুষ্ঠিত হয় । বাৰ্ষিক হোমাহুতিৰ লগত সংগতি ৰাখি শ্যামৰায় নামঘৰ পৰিচালনা সমিতিয়ে বিগত ২০১৮-২০২০ বৰ্ষৰ বিধায়ক পুঁজিৰ পৰা পোৱা অনুদান আৰু অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে পোৱা অনুদানেৰে নামঘৰৰ প্ৰথম মহলাৰ প্ৰেক্ষাগৃহটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক পুঁজিৰ তিনি লাখ টকাৰ অনুদান আৰু অসম দৰ্শন আঁচনিৰ আঢ়ৈ লাখ টকাৰে নিৰ্মিত প্ৰেক্ষাগৃহটো ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰাৰ লগে লগে স্থানীয় ৰাইজৰ এক বহুদিনীয়া অভাৱ পূৰণ হ’ল। জংগৰাবৰী অঞ্চলৰ একমাত্ৰ আধ্যত্মিক অনুষ্ঠান শ্যামৰায় নামঘৰটো অতি আকৰ্ষণীয়কৈ ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিধায়ক কলিতাই নামঘৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেখেতে অনাগত দিনটো বিভিন্ন আঁচনিৰ জৰিয়তে তথা চৰকাৰী অনুদান আগবঢ়াই সহায় সহযোগিতা আগবঢ়াই যাব বুলি ভাষণ প্ৰসংগত সদৰী কৰে । উক্ত উদ্বোধনী অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি অৰুণ দাস , সম্পাদক প্ৰণৱ দাস, সমাজকৰ্মী পৰেশ বৰুৱা ,ৰুবুল বৈশ্য প্ৰমুখ্যে জঙ্গৰাবৰী ৰাইজৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই