নতুন দিল্লীৰ টেলেণ্ট চাৰ্চ অৰ্গেনাইজেচনৰ উদ্যোগত তথা ইন্টাৰনেছনেল টেলেণ্ট চাৰ্চ ফেডাৰেচনৰ সহযোগত দিল্লীৰ পিটামপুৰাত অনুষ্ঠিত সপ্তম সংখ্যক নেচনেল ইয়ুথ গেমছ ২০২১ৰ টাইকোৱানডো প্ৰতিযোগিতাত গুৱাহাটীৰ ধাৰাপুৰ টাইকোৱানডো অকাডেমীয়ে কেবাটাও খিতাপ আজুৰি আনি অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ তথা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দিল্লীৰ পিটামপুৰাত যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত টাইকোৱানডো প্ৰতিযোগিতাত ধাৰাপুৰ টাইকোৱানডো অকাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাসৰ নেতৃত্বত যোগদান কৰি ক্ৰমে কৌস্তভ প্ৰতিম ঠাকুৰীয়া , মধুস্মিতা কলিতা , মানৱ মণ্ডল আৰু প্ৰিয়ম জ্যোতি কলিতাই স্বৰ্ণপদক আজুৰি আনিবলৈ সক্ষম হোৱাৰ লগতে বিতুপন বড়ো আৰু ৰিংকু বৰুৱাই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা ধাৰাপুৰ টাইকোৱানডো অকাডেমীৰ ছয়জনীয়া দলটো বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে বৃহত্তৰ ধাৰাপুৰ-খানামুখ আৰু মাজিৰগাঁও অঞ্চলৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে উষ্ম আদৰণি জনোৱাৰ লগতে এক শোভাযাত্রাৰে দলটোক ধাৰাপুৰলৈ আদৰি আনে । ধাৰাপুৰ টাইকোৱানডো অকাডেমীৰ সভাপতি অধিবক্তা জগদীশ ঠাকুৰীয়াই খিতাপ আজুৰি আনিবলৈ সক্ষম হোৱা দলটোৰ লগতে প্ৰশিক্ষক সঞ্জয় দাসক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সমূহ ৰাইজক কৃতজ্ঞতা জনায় ।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta