নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

0 146

মধ্য অসম তথা নগাঁও জিলাৰ অন্তৰ্গত উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অলপতে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে এই শুভ ক্ষণত মহাবিদ্যালয় কৰ্তৃপক্ষক আৰু সমূহ ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে উল্লেখ কৰে যে আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকল হৈছে অমৃত কালৰ অমৃত সন্তান আৰু তেখেত সকলে যেতিয়া আমাৰ দেশে স্বাধীনতাৰ শত বৰ্ষ গৰকীব সেই সময়লৈ ভাৰতক বিশ্ব গুৰুৰ আসনত প্ৰতিষ্ঠিত কৰাৰ দায়িত্ব লব লাগিব। ইয়াৰ লগতে তেওঁ শিক্ষাৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলক আমাৰ দেশখনক ক্ৰীড়া, বানিজ্য, কৃষিৰ লগতে অন্যান্য দিশত আগুৱাই লৈ যাবলৈ আহৱান জনাই। তেওঁ নগাঁও মহাবিদ্যালয় খনে ইয়াৰে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি আহি থকা দিন সমূহত আমাৰ সমাজত মানৱ সম্পদ গঢ় দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি উল্লেখ কৰে। এই অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা আৰু মহাবিদ্যালয় খনৰ অধ্যক্ষ শৰত বৰকটকীয়ো উপস্থিত থাকে।

ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে অলপতে জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰপাক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰু একেতা চৌহদতে থকা বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত শিক্ষানুষ্ঠান দুখনৰ গৌৰৱময় শৈক্ষিক যাত্ৰাৰ এই শুভক্ষণত শিক্ষাসেৱীসকলৰ অৱদান শ্ৰদ্ধাৰে সুঁৱৰি সকলোকে শিক্ষাৰ দ্বাৰা এখন জ্ঞান সমৃদ্ধিশালী আৰু উজ্জীৱিত সমাজ গঢ়ি তুলিবলৈ আহ্বান জনাই। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব ধ্ৰুৱ মহন্ত, জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওগ, মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীমহানন্দ বৰা, শিক্ষাবিদ শ্ৰীৰামচৰণ ভৰালী, জিলা উপায়ুক্ত দেৱাশিস শৰ্মা, জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞাৰ লগতে আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.