নগাঁৱত ড° বি আৰ আম্বেদকাৰৰ ১৩২ সংখ্যক জন্মজয়ন্তী উদযাপন

0 198

ভাৰতৰ সংবিধান প্ৰণয়ন সমিতিৰ অধ্যক্ষ,দলিত সকলৰ পিতৃপুৰুষ, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ ১৩২ সংখ্যক জন্ম দিনটো নগাঁৱৰ আম্বেদকাৰ ভৱনত উদযাপন কৰে। নগাঁও জিলা অনুসূচীত জাতি পৰিষদ,নগাঁও মহকুমা কল্যাণ বিষয়া কাৰ্যালয়, নগাঁও অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰ যুটীয়া ব্যৱস্থাপনাত নগাঁৱৰ আম্বেদকাৰ ভৱন প্ৰাংগনত মহান নেতা গৰাকীৰ জন্মদিনটো উদযাপন কৰে। অনুষ্ঠানত অ বি চিৰ নগাঁও জিলাৰ অধ্যক্ষ মনোৰঞ্জন নাথ, নগাঁও জিলা জাতি পৰিষদৰ সম্পাদক জয়ন্ত কুমাৰ দাস, সমাজকৰ্মী অজিত প্ৰতিম দাস, দুলাল দাস, ডিম্বেশ্বৰ দাস, প্ৰভাত দাস, মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ গাণনিক জয়ৰাম দেউৰী, জেষ্ঠ সহায়ক লক্ষীপ্ৰভা লস্কৰ, নিহাৰীকা ৰাজপুতকে ধৰি সদস্য সকল উপস্থিত থাকে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.