নাজিৰাটিং তামুলী পৰ্যটন মহোৎসৱত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

0 200

ঐতিহ্যমণ্ডিত ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত জৈৱ-বৈচিত্ৰ্য মনোমোহা প্ৰকৃতিৰ বিনন্দীয়া সোণালী পৰস ইতিহাস বিজড়িত ডিব্ৰু নদীৰ বাকৰিত যোৱা ১জানুৱাৰীৰ পৰা আৰম্ভ হোৱা তৃতীয় বাৰ্ষিক নাজিৰাটিং তামুলী পৰ্যটন মহোৎসৱৰ আজি তৃতীয় দিনা মুকলি সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা।

উক্ত অনুষ্ঠানৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে গ্রাম্য অৰ্থনীতি সৱল কৰাৰ উদ্দেশ্যেৰে থলুৱা খাদ্য সামগ্রীৰ বিপণীৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰৰে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ ইতিবাচক পদক্ষেপক শলাগ লোৱাৰ লগতে এই মহোৎসৱে অসম পৰ্যটন ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু অনাগত দিনত অসম চৰকাৰে ডিব্ৰু নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু উন্নতমানৰ পকীপথ নিৰ্মান কৰি অঞ্চলটোক উন্নয়নৰ নৱ ৰেঙনীৰে পোহৰাৱ বুলি মতপোষণ কৰে৷

Leave A Reply

Your email address will not be published.