ৰাষ্ট্ৰীয় পতাকাখনৰ স্বাভিমান যাতে সদায় অক্ষুণ্ণ থাকে তাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে নাৰেংগী সেনা ছাউনীৰ সৈনিক পাৰ্কত সেনাৰ ৫১ চাব এৰিয়াৰ তদাৰকতাত আৰু অনা চৰকাৰী সংস্থা ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত ৭৫ ফুট উচ্চতাত স্থাপন কৰা হৈছে এখন ৰাষ্ট্ৰীয় পতাকা।১৫ এপ্ৰিলত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচৰ কমাণ্ডিং – ইন – চিফ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই।জেনেৰেল ৰাণা প্ৰতাপ কলিতাই উপস্থিত ৩০০ৰো অধিক বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোক , ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেট আৰু অসামৰিক লোকৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।অনুষ্ঠানত ভাৰতীয় সেনাৰ শ্বিলংস্থিত ১০১ এৰিয়াৰ ভাৰপ্ৰাপ্ত জি অ চি মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝা ,ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়াৰ মূখ্য কাৰ্যবাহী বিষয়া মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) অসীম কোহলি , সভাপতি নবীন জিন্দালকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি