ৰাষ্ট্ৰীয় পতাকাখনৰ স্বাভিমান যাতে সদায় অক্ষুণ্ণ থাকে তাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে নাৰেংগী সেনা ছাউনীৰ সৈনিক পাৰ্কত সেনাৰ ৫১ চাব এৰিয়াৰ তদাৰকতাত আৰু অনা চৰকাৰী সংস্থা ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত ৭৫ ফুট উচ্চতাত স্থাপন কৰা হৈছে এখন ৰাষ্ট্ৰীয় পতাকা।১৫ এপ্ৰিলত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচৰ কমাণ্ডিং – ইন – চিফ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই।জেনেৰেল ৰাণা প্ৰতাপ কলিতাই উপস্থিত ৩০০ৰো অধিক বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোক , ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেট আৰু অসামৰিক লোকৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।অনুষ্ঠানত ভাৰতীয় সেনাৰ শ্বিলংস্থিত ১০১ এৰিয়াৰ ভাৰপ্ৰাপ্ত জি অ চি মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝা ,ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়াৰ মূখ্য কাৰ্যবাহী বিষয়া মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) অসীম কোহলি , সভাপতি নবীন জিন্দালকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে