জনসাধাৰণৰ কল্যাণৰ্থে কেন্দ্ৰীয় চৰকাৰৰ ৰূপায়ন কৰা বিভিন্ন আঁচনি সমূহ জনসাধাৰণৰ মাজত লৈ যোৱাৰ উদ্দেশ্য আৰু ইয়াৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদেশ্য আৰম্ভ হোৱা নিউ ইণ্ডিয়া চৌপাল কাৰ্য্যসূচী শনিবাৰে গুৱাহাটীৰ ৰুক্মিণী নগৰ স্থিত ৰংগমঞ্চৰ বাকৰিত দিনৰ তিনি বজাৰ পৰা অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ প্ৰচাৰ আৰু সম্প্ৰচাৰ বিভাগৰ উত্তৰ পূৱৰ প্ৰান্তৰ মুখ্য সম্পাদক কুলদ্বীপ সিং ধাতালিয়াই মুকলি কৰা অনুষ্ঠানটোত ছাত্ৰ -ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, চৰকাৰী আঁচনি সমূহ জনসাধাৰণক জনাব পৰাকৈ চুটি নাটক, আৰু বিভিন্ন সুবিধা লাভ কৰা হিতাধিকাৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে লটাৰী আদি অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ মুঠ ৩১৮ খন জিলাক সামৰি আৰম্ভ হোৱা এই চৌপাল কাৰ্য্যসূচী ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছে আৰু ৮ হাজাৰ স্থানত ইয়াক ৰূপায়নৰে মাৰ্চত অন্ত পৰিব।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন