নৱবৰ্ষৰ কেইটামান ন চিন্তা

0 274

আজি ১ জানুৱাৰী। ২০১৭ চনৰ বছৰৰ প্ৰথমটো দিন। বছৰৰ প্ৰথমটো দিনৰ পৰাই আমি কোনো কাম অথবা সংকল্পৰ লোৱাৰ প্ৰতি অগ্ৰসৰ হ’ব পাৰো, নহয়নে?  বিগত বৰ্ষটোত চিন্তা অথবা কাম কৰিবলৈ বাকী ৰৈ যোৱা কামবোৰৰ প্ৰতি মনোনিবেশ কৰা এয়া সঠিক সময়। কিয়নো আজি এটা বছৰৰ আৰম্ভণিৰ দিন। তেন্তে আহকচোন অলপ সময় কিছু ইতিবাচক চিন্তাত বুৰ যাও।

148344-tr450

শুনা যায় বহুসময়ত Global Warning বিষয়টো। এই Global Warning প্ৰধান সমস্যাৰ বুলিলে গছ-গছনি কাটি ধ্বংস কৰা কাৰণতো সততে আহে। গছ-গছনিয়ে পৰিবেশ পাৰিপাশ্বিক অৱস্থাৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে। আজি যি হাৰত গছ- গছনি ধ্বংস হৈ আছে, সেই হাৰতে যদি ধ্বংস যজ্ঞ চলি থাকে, আমি উশাহ ল’বলৈ বিশুদ্ধ বায়ু নাপাম আৰু খাবলৈ এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লাগিব। কথাষাৰ কেতিয়াবা ভাবি চাইছেনে? সেয়েহে আমি যিমান পাৰো ব্যস্ততাৰ মাজতো সময় উলিয়াই গছৰ পুলি ৰোপন কৰিব লাগে। বিশেষকৈ আমাৰ প্ৰত্যেকৰে জন্মদিনত অথবা বিশেষদিনত গছপুলি ৰোপন কৰাতো ৰীতিত পৰিণত কৰিব লাগে। এইখিনিতে ধেমাজিৰ এখন বিয়াৰ প্ৰসংগ মনলৈ আহে। উল্লেখযোগ্য যে এই বিশেষ বিয়াখনে আদৰণীয় পদক্ষেপৰ বাবে বিগত বৰ্ষত সংবাদ শীৰ্ষ দখল কৰিবলৈ সক্ষম হৈছিল। আয়কৰ বিভাগৰ অতিৰক্ত আয়ুক্ত সত্যকাম দত্তৰ বিয়াত দেউতাকে নিমন্ত্ৰিত সকলোকে এটা গছ পুলি উপহাৰস্বৰূপে আগবঢ়াইছিল। সময় থাকোতে আমি পৰিবেশৰ প্ৰতি  বোৰ কৰিবলৈ  সচেতন হ’বৰ হ’ল। নিজৰ ভাষাটোক কোনে নো বেয়া পায়! অথচ আমি বহু সময়ত নিজৰ ভাষাটো অৱঞ্জা কৰো, ক’বলৈ লাজ পাও। আমাৰ নিজৰ ঠাইতে যদি নিজৰ মাতৃভাষাটোক এলাগী কৰি ৰাখো, তেনেহ’লে নিজৰ ঠাইতে ভাষাটোৱে এদিন অস্তিত্বৰ সংকটত ভূগিব। যিয়ে এটা জাতিক মাৰি পেলাব। গতিকে সময় থাকোতে নিজৰ ভাষাটোক জীয়াই ৰখাৰ প্ৰচেষ্টাত ব্ৰতী হোৱাতো প্ৰত্যেকজন নাগৰিকৰে কৰ্তব্য।

no-plastic-bags

পৰিবেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে অথবা বিভিন্ন বেমাৰৰ প্ৰতিৰোধৰ বাবে পলিথিন নিষিদ্ধকৰণ হোৱাটো অত্যন্ত আৱশ্যক। তথ্য- প্ৰযুক্তি অথবা বিভিন্ন ক্ষেত্ৰৰ পৰা চাবলৈ গ’লে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ তুলনাত আমাৰ অসমখন কিছু আগবঢ়া যদিও পলিথিনৰ নিষিদ্ধকৰণ নোহোৱাৰ বাবে বহুসময়ত হতবাক হৈ ৰওঁ। কিয়নো চুনুৰীয়া ৰাজ্য মেঘালয়ৰ পূব গাৰো পাহাৰ বহু ক্ষেত্ৰত পিছপৰা যদিও ইতিমধ্যে পলিথিন নিষদ্ধকৰণ হৈছে। এই ক্ষেত্ৰত বিভাগীয় কৃৰ্তপক্ষৰ লগতে সচেতন নাগৰিকৰ কৰণীয় আছে।

ASS

প্ৰিয় পাঠক, আজি অনুভৱত মনত দোলা দি থকা কেইটামান বিষয় আপোনালোকলৈ আগবঢ়ালো। নিশ্চয়কৈ আপুনি আজিয়ে সংকল্প ল’ব পাৰে কি কৰিব কি নকৰিব! আহক সময় থকাটোতেই সুস্থ চিন্তাৰে শুভ কামবোৰ সমাপন কৰো।

Leave A Reply

Your email address will not be published.