ভাৰতৰ আন আন বহুভি ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে। লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত হিন্দু ধৰ্মাৱলম্বী লোকৰ বহুতেই সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰতি সোমবাৰে পুৱা বা বহুতেই দেওবাৰে মাজনিশাৰ পৰা ওচৰৰ কোনো শিৱবাবা বা মহাদেৱৰ স্মৃতি বিজৰিত স্থানৰ লগত বৈ থকা স্থানৰ নদী, জান, জুৰিৰ পৰা পদব্ৰজে গৈ পানী আনি সেই পানী কোনোবা শিৱ মন্দিৰ বা শিৱলিংগত যাবতীয় পূজা অৰ্চনা কৰি পবিত্ৰ মনেৰে ঢালি দিয়ে।আনহাতে ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীৰ গড়চুকৰ সমীপৰ পামহীস্থিত ডাকিনীবামা পাহাৰত প্ৰাকৃতিক পৰিবেশৰ মাজত থকা ভীমাশংকৰ দ্বাদশ জ্যোতিলিংগত শাওণ মাহ আৰম্ভ হোৱা উপলক্ষে প্ৰতি দেওবাৰে মাজনিশাৰে পৰা পুৰুষ মহিলা নিৰ্বিশেষে হাজাৰ হাজাৰ লোকৰ সমাগম হয়। এই সন্দৰ্ভত ভীমাশংকৰ পৰিচালনা কমিটিৰ সভাপতি সনেছ টেৰণ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে কভিড – ১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুটা বছৰৰ মূৰত অনুষ্ঠিত বোলবোম উপলক্ষে সোমবাৰৰ উপৰিও দৈনিক হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে বুলি পৰিচালনা কমিটি এইবেলি আগতীয়াকৈ সাজু হৈ আছিল। ইতিমধ্যে অধিক ভক্তৰ সমাগম হব বুলি ধাৰণা কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা, কোনো ভক্ত হঠাতে অসুস্থ হলে ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰাকে ধৰি এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে। তেনেদৰে কমিটিৰ ফালৰ পৰা মহিলাকে ধৰি শতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে সন্দেহজনক ভক্তৰ গতিবিধি নিৰীক্ষণৰ বাবে কেবাটাও উচ্চক্ষমতা সম্পন্ন চি চি টি ভি স্থাপন কৰা হৈছে। আনকি ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন পূৰ্বে ভীমাশংকৰত থকা শিৱলিংগত গৈ শৃংখলাবদ্ধভাবে শাৰী পতাৰ বাবে এটা নতুনকৈ প্ৰবেশ পথ নিৰ্মাণ কৰা হৈছে। বিশেষকৈ ভণিতা বড়ো টেৰণ, পদ্মিনী ৰংচাল, প্ৰমিলা টেৰণ, মণিতা ফাংচ, নিমাতি ৰংচাল, ৰুণু ৰংচালকে ধৰি কেবাজনী মহিলা স্বেচ্ছাসেৱকে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সুন্দৰকৈ ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । আনহাতে প্ৰতি দেওবাৰে মাজনিশাৰ পৰা সোমবাৰে বিয়লি পৰ্যন্ত দৈনিক প্ৰায় ৫০ হাজাৰৰো অধিক ভক্তই নতুন প্ৰৱেশ পথৰ প্ৰায় আধা কিঃমিঃ পৰ্যন্ত শাৰীত থিয় দি কেবাঘণ্টা জোৰা অপেক্ষাৰ অন্তত গৈ শিৱলিংগত পানী ঢালি যাবতীয় পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। ইফালে কেবাটাও সংগঠনে ভীমাশংকৰলৈ অহা ভক্তই দৰ্শন কৰাৰ পাছত যাতে এমুঠি অন্ন গ্ৰহণ কৰিব পাৰে তাৰ বাবে ভোগ বিতৰণৰ ব্যৱস্থা কৰিছে। আনকি সমগ্ৰ অঞ্চলটো যাতে নিশা আলোকিত হৈ থাকে তাৰ বাবে জেনেৰেটৰ স্থাপন কৰি অৰ্দ্ধ শতাধিক উচ্চ পোহৰযুক্ত লাইট সংযোজন কৰা হৈছে বুলি কমিটিৰ কৰ্মকৰ্তা সকলে সদৰি কৰিছে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান