ভাৰতৰ আন আন বহুভি ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে। লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত হিন্দু ধৰ্মাৱলম্বী লোকৰ বহুতেই সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰতি সোমবাৰে পুৱা বা বহুতেই দেওবাৰে মাজনিশাৰ পৰা ওচৰৰ কোনো শিৱবাবা বা মহাদেৱৰ স্মৃতি বিজৰিত স্থানৰ লগত বৈ থকা স্থানৰ নদী, জান, জুৰিৰ পৰা পদব্ৰজে গৈ পানী আনি সেই পানী কোনোবা শিৱ মন্দিৰ বা শিৱলিংগত যাবতীয় পূজা অৰ্চনা কৰি পবিত্ৰ মনেৰে ঢালি দিয়ে।আনহাতে ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীৰ গড়চুকৰ সমীপৰ পামহীস্থিত ডাকিনীবামা পাহাৰত প্ৰাকৃতিক পৰিবেশৰ মাজত থকা ভীমাশংকৰ দ্বাদশ জ্যোতিলিংগত শাওণ মাহ আৰম্ভ হোৱা উপলক্ষে প্ৰতি দেওবাৰে মাজনিশাৰে পৰা পুৰুষ মহিলা নিৰ্বিশেষে হাজাৰ হাজাৰ লোকৰ সমাগম হয়। এই সন্দৰ্ভত ভীমাশংকৰ পৰিচালনা কমিটিৰ সভাপতি সনেছ টেৰণ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে কভিড – ১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুটা বছৰৰ মূৰত অনুষ্ঠিত বোলবোম উপলক্ষে সোমবাৰৰ উপৰিও দৈনিক হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে বুলি পৰিচালনা কমিটি এইবেলি আগতীয়াকৈ সাজু হৈ আছিল। ইতিমধ্যে অধিক ভক্তৰ সমাগম হব বুলি ধাৰণা কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা, কোনো ভক্ত হঠাতে অসুস্থ হলে ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰাকে ধৰি এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে। তেনেদৰে কমিটিৰ ফালৰ পৰা মহিলাকে ধৰি শতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে সন্দেহজনক ভক্তৰ গতিবিধি নিৰীক্ষণৰ বাবে কেবাটাও উচ্চক্ষমতা সম্পন্ন চি চি টি ভি স্থাপন কৰা হৈছে। আনকি ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন পূৰ্বে ভীমাশংকৰত থকা শিৱলিংগত গৈ শৃংখলাবদ্ধভাবে শাৰী পতাৰ বাবে এটা নতুনকৈ প্ৰবেশ পথ নিৰ্মাণ কৰা হৈছে। বিশেষকৈ ভণিতা বড়ো টেৰণ, পদ্মিনী ৰংচাল, প্ৰমিলা টেৰণ, মণিতা ফাংচ, নিমাতি ৰংচাল, ৰুণু ৰংচালকে ধৰি কেবাজনী মহিলা স্বেচ্ছাসেৱকে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সুন্দৰকৈ ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । আনহাতে প্ৰতি দেওবাৰে মাজনিশাৰ পৰা সোমবাৰে বিয়লি পৰ্যন্ত দৈনিক প্ৰায় ৫০ হাজাৰৰো অধিক ভক্তই নতুন প্ৰৱেশ পথৰ প্ৰায় আধা কিঃমিঃ পৰ্যন্ত শাৰীত থিয় দি কেবাঘণ্টা জোৰা অপেক্ষাৰ অন্তত গৈ শিৱলিংগত পানী ঢালি যাবতীয় পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। ইফালে কেবাটাও সংগঠনে ভীমাশংকৰলৈ অহা ভক্তই দৰ্শন কৰাৰ পাছত যাতে এমুঠি অন্ন গ্ৰহণ কৰিব পাৰে তাৰ বাবে ভোগ বিতৰণৰ ব্যৱস্থা কৰিছে। আনকি সমগ্ৰ অঞ্চলটো যাতে নিশা আলোকিত হৈ থাকে তাৰ বাবে জেনেৰেটৰ স্থাপন কৰি অৰ্দ্ধ শতাধিক উচ্চ পোহৰযুক্ত লাইট সংযোজন কৰা হৈছে বুলি কমিটিৰ কৰ্মকৰ্তা সকলে সদৰি কৰিছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই